Voice of Eastern India

Elephant Raja Airlift: অসমৰ পৰা বনতাৰালৈ কণমানি‘ৰাজা’


Elephant Raja Airlift: জীৱন ৰক্ষাৰ যুঁজত অসমৰ পৰা গুজৰাটৰ বনতাৰালৈ ৪ ঘণ্টাৰ বিমান যাত্ৰা কণমানি হাতী পোৱালি ‘ৰাজা’ৰ। উন্নত চিকিৎসাৰ বাবে বিশেষ ব্যৱস্থাৰে লৈ যোৱা হ’ল হাতী পোৱালিটোক।

মাত্ৰ ৭ সপ্তাহ বয়সীয়া হাতী পোৱালি ‘ৰাজা’ক উন্নত চিকিৎসাৰ বাবে অসমৰ পৰা গুজৰাটলৈ এয়াৰলিফ্ট (Elephant Raja Airlift) কৰা হৈছে।সোঁ ভৰিৰ উৰুৰ হাড় ভাঙি যোৱাৰ লগতে কেইবাটাও শাৰীৰিক জটিলতাত ভুগি থকা হাতী পোৱালিটোক জামনগৰৰ বনতাৰালৈ লৈ যোৱা হৈছে।

শুকুৰবাৰে জৰুৰীকালীন চিকিৎসাৰ বাবে অসমৰ পৰা গুজৰাটৰ জামনগৰস্থিত ৰিলায়েন্স পৰিচালিত ‘বনতাৰা’ৰ বিশেষ হাতী চিকিৎসালয়লৈ বিমানযোগে লৈ যোৱা হয় (Elephant Raja Airlift) । বনতাৰাৰ এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে। পশু চিকিৎসকসকলে পোৱালিটোৰ দুৰ্বল শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ২,৫০০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ স্থলপথৰ যাত্ৰা অত্যন্ত বিপদজনক বুলি বিবেচনা কৰা বাবে গুৱাহাটীৰ পৰা এই চাৰি ঘণ্টীয়া বিমান যাত্ৰাৰ ব্যৱস্থা কৰা হৈছে।

যোৱা ২ অক্টোবৰত অসমৰ গোগামুখত জন্মগ্ৰহণ কৰা ‘ৰাজা’ নামৰ হাতী পোৱালিটোৱে যোৱা সাত সপ্তাহ ধৰি লখিমপুৰ জিলাৰ পহুমৰাস্থিত মালিকৰ বাসগৃহত চিকিৎসা লাভ কৰি আছিল।যোৱা ৮ অক্টোবৰৰ পৰা বনতাৰাৰ এটা দলে পহুমৰাত পোৱালিটোৰ চিকিৎসা আগবঢ়াই আহিছে (Elephant Raja Airlift) ।প্ৰথমবাৰৰ বাবে মাতৃত্বৰ অভিজ্ঞতা লাভ কৰা হাতীজনী জন্মৰ পাছত আতংকিত আৰু উদ্বিগ্ন হৈ পৰিছিল। সেই সময়তে মাকৰ ঠেঙৰ গোৰ লাগি ৰাজাৰ সোঁ পিছঠেঙৰ উৰুৰ হাড় (Femur) সম্পূৰ্ণৰূপে ভাঙি যায়।

সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। উন্নত চিকিৎসাৰ বাবে ৰাজাক বনতাৰালৈ লৈ যোৱাৰ বাবে অনন্ত আম্বানী আৰু তেওঁৰ দলটোক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক: Rare White bellied Heron: ভাৰতত ১০টাতকৈও কম, বিশ্বত ৬০টাও নাই! অৰুণাচলত সন্ধান বিৰল চৰাইৰ



Source link

Leave A Reply

Your email address will not be published.