Guwahati News: মৃতদেহ, টকাভৰ্তি মোনা আৰু ২৫ লাখ টকা! নাৰেংগীত তীব্ৰ চাঞ্চল্য।
গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনত উদ্ধাৰ হৈছে নগদ ২৫ লাখ টকা। এজন মৃত ব্যক্তিৰ মোনাৰ পৰা উদ্ধাৰ হোৱা এই বৃহৎ পৰিমাণৰ ধনক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য (Guwahati News)।
স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় ৰে’ল আৰক্ষী আৰু নুনমাটি আৰক্ষীৰ দল। আৰক্ষীয়ে মৃত ব্যক্তিজনৰ মোনাৰ পৰা নগদ ধনখিনি উদ্ধাৰ কৰে।
ইফালে, বৰ্তমানলৈকে মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। প্ৰাথমিক সন্দেহ অনুসৰি, ৰে’লৰ পৰা পৰি লোকজনৰ মৃত্যু হ’ব পাৰে বুলি অনুমান কৰিছে আৰক্ষীয়ে (Dead Body Found in Guwahati)।
কিন্তু মৃত ব্যক্তিজনৰ লগত ইমান বৃহৎ পৰিমাণৰ ধন কিয় আছিল? ২৫ লাখ টকা কাৰ? কেনেকৈ মৃত্যু হ’ল লোকজনৰ? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া নাৰেংগী ৰে’ল ষ্টেচনত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য।
