ISRO Scientist: ঢকুৱাখনাৰ ২২ বছৰীয়া যুৱক সত্যজিৎ কামানৰ ISROত বিজ্ঞানী হিচাপে নিৰ্বাচন। নিজৰ প্ৰতিভা আৰু অধ্যৱসায়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সত্যজিতে।
ISROৰ বিজ্ঞানী হ’ব ঢকুৱাখনাৰ সত্যজিৎ কামান। ISROৰ যুৱ বিজ্ঞানী হিচাপে নিৰ্বাচিত হ’ল লখিমপুৰৰ ২২ বছৰীয়া যুৱক সত্যজিৎ কামান। (ISRO Scientist)
ইছৰ’ত বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে লখিমপুৰৰ সত্যজিৎ কামানে। ঢকুৱাখনা মহকুমাৰ বালিচাপৰি গাঁৱৰ নিবাসী তথা মহুৰা চাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কমল কামনৰ পুত্ৰ সত্যজিতৰ এই সাফল্যই সমগ্ৰ ৰাজ্যতে প্ৰশংসা লাভ কৰিছে।(ISRO Scientist)
২০২৩ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত সমগ্ৰ অসমৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিছিল সত্যজিতে। তেওঁৰ এই শৈক্ষিক পাৰদৰ্শিতা তেওঁৰ আগ্ৰহ আৰু অৰ্জনৰ প্ৰমাণ।(ISRO Scientist)
লগতে পঢ়ক: Zubeen Garg Range Rover: জুবিনৰ স্মৃতি জীয়াই ৰাখিবলৈ ৪ বন্ধুৰ বিশেষ পদক্ষেপ: ঘূৰাই আনিব ৰেঞ্জ ৰ’ভাৰ
