School Van Accident: চিচিবৰগাঁৱৰ সমীপৰ গেলুৱা তিনিআলিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। স্কুল ভানত ডাম্পাৰৰ প্ৰচণ্ড খুন্দা।
আকৌ ৰাজ্য কঁপাই যোৱা এক পথ দুৰ্ঘটনা সংঘটিত হৈছে। ডাম্পাৰে মহতিয়াই নিলে এখন শিক্ষাৰ্থীভৰ্তি স্কুল ভান। জানিব পৰা মতে, চিচিবৰগাঁৱৰ সমীপৰ গেলুৱা তিনিআলিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। স্কুলভানখনত ৭গৰাকীলৈ শিক্ষাৰ্থী আছিল।(School Van Accident)
চিলাপথাৰৰ ট্ৰিনিটি একাডেমীৰ আছিল ছাত্ৰ-ছাত্ৰী সকল। বিদ্যালয়ৰ চুটিৰ পিছত ভাল খনত ঘৰলৈ বুলি গৈ আছিল ছাত্ৰ-ছাত্ৰী সকল। সেই সময়তে তীব্ৰ বেগত অহা ডাম্পাৰখনে প্ৰচণ্ড খুন্দা মাৰে স্কুল ভানখনত। ( School Van Accident)
ডাম্পাৰৰ প্ৰচণ্ড খুন্দাত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে স্কুল ভানখন। দুৰ্ঘটনাটোৰ পিছতেই সংকটজনক অৱস্থাত কেইবাগৰাকীও শিক্ষাৰ্থীক AMCHলৈ প্ৰেৰণ কৰা হয়।
লগতে পঢ়ক: Assam Arunachal Border Dispute: সীমান্ত বিবাদ নিষ্পত্তিৰ পথত অসম-অৰুণাচল; আৰম্ভ হ’ব জৰীপ
