ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যৰ মৰ্যাদাৰ বাবে অসমৰ ৰংপুৰ-শিৱসাগৰক মনোনয়ন দাখিল কৰিছে। ১৯ জুন ২০২৬ত ভাৰতৰ তৰফৰ পৰা এই ঐতিহাসিক ক্ষেত্ৰক বিশ্ব ঐতিহ্যৰ মৰ্যাদাৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হৈছে।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৪ ছেপ্টেম্বৰত কয় যে আহোম ৰাজবংশৰ প্ৰাক্তন ৰাজধানী ৰংপুৰ-শিৱসাগৰ ক্ষেত্ৰক আনুষ্ঠানিকভাৱে ইউনেস্ক’ৰ (UNESCO) বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদাৰ বাবে প্ৰেৰণ কৰা হৈছে।
এক্স-ৰ এটা পোষ্টত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ইউনেস্ক’ত ভাৰতৰ স্থায়ী মিছনে ২০২৬ চনৰ ১৯ জুনত ইউনেস্ক’ৰ নিয়ম (iii) আৰু (iv) ৰ অধীনত এই নামাংকন আনুষ্ঠানিকভাৱে দাখিল কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ঐতিহাসিক ক্ষেত্ৰখনে ব্ৰহ্মপুত্ৰ উপত্যকাত ছশ বছৰ ধৰি ৰাজত্ব কৰা আহোম ৰাজবংশৰ ৰাজধানীক প্ৰতিনিধিত্ব কৰে। এই স্থানত অসমৰ আহোম যুগৰ কিছুমান শ্ৰেষ্ঠ মণ্ডপ-দৌল-দেৱালয়, ৰাজপ্ৰাসাদ, পুখুৰী আৰু অভিযান্ত্ৰিক কীৰ্তিশিহ্ন অন্তৰ্ভুক্ত হৈ আছে।
এই ক্ষেত্ৰৰ ভিতৰত থকা উল্লেখযোগ্য কীৰ্তিশিহ্নসমূহৰ ভিতৰত অন্যতম হৈছে ৰংঘৰ, যাক মুখ্যমন্ত্ৰী গৰাকীয়ে এছিয়াৰ আটাইতকৈ পুৰণি বৰ্তমানো বৰ্তি থকা এম্ফিথিয়েটাৰ বুলি বৰ্ণনা কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই নামাংকনে ২০২৪ চনত চৰাইদেউ মৈদামক ইউনেস্ক’ই বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে প্ৰদান কৰা স্বীকৃতিৰ ভেটিত গঢ় লৈ উঠিছে।
তেওঁ আৰু কয়, “এই দুয়োটা স্থান মিলি ছয়শ বছৰীয়া আহোম বুৰঞ্জীৰ কাহিনী সম্পূৰ্ণ কৰে, য’ত ৰজাসকলে বিশ্ৰাম লৈছিল, আৰু য’ৰ পৰা তেওঁলোকে ৰাজত্ব কৰিছিল।”
অসমৰ ঐতিহ্যক বিশ্বৰ দৰবাৰত স্বীকৃতি দিয়াবলৈ আগবঢ়োৱা “অভূতপূৰ্ব প্ৰচেষ্টা”ৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।
লগতে পঢ়ক: কাৰ্বি আংলঙত শান্তিৰ পিছত সমৃদ্ধিৰ যাত্ৰা, মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
