ৰাজ্যজুৰি ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বৃহৎ অভিযান চলাইছিলে। এই অভিযানত ৩০০ তকৈও অধিক প্ৰৱঞ্চকক আটক কৰা হয়।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই প্ৰৱঞ্চকৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম আৰক্ষী। অসম আৰক্ষীয়ে সন্দেহযুক্ত প্ৰৱঞ্চক, দালাল আৰু থগবাজসকলৰ বিৰুদ্ধে ২৯খন জিলাত এক অভিযান চলাইছে, য’ত এটা নিশাৰ অভিযানৰ সময়ত ৩০০ তকৈও অধিক প্ৰৱঞ্চকক আটক কৰা হয় বুলি জানিব পৰা গৈছে। তাৰে কোকৰাঝাৰ জিলাখনৰ চাৰিখন আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ পৰা ২০ গৰাকীক আটক কৰা হৈছে।
আৰক্ষীৰ মতে, আটক কৰা ২০ জন লোকৰ ভিতৰত ৮ জন কোকৰাঝাৰ সদৰ আৰক্ষী থানা, ৩ জন বাঘৰবাৰী আৰক্ষী থানা, ২ জন ফকীৰাগ্ৰাম আৰক্ষী থানা আৰু ৭ জন গোসাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত এলেকাৰ।
আনহাতে ডবকা আৰক্ষীৰ জালত পৰিছে ৬টাকৈ প্ৰৱঞ্চক। সেই প্ৰৱঞ্চক কেইটা হৈছে,মানিক দাস, বিলাল , নাজিম উদ্দিন, আইবুৰ ৰহমান, নেৱাজ উদ্দিন, ইমৰাণ উদ্দিন তালুকদাৰ। মোৰাঝাৰ আৰক্ষীৰ জালত পৰিছে ইছাদুল ইছলাম আৰু নজৰুল হক নামৰ দুটা প্ৰৱঞ্চক। কামৰূপ(গ্ৰা)ৰ পৰা গ্ৰেপ্তাৰ ৩২জন প্ৰৱঞ্চকক, নগৰবেৰা- ১২জন, গৰৈমাৰী-১০জন, সোণতলী-৪জন, ছয়গাঁও-১জন, মন্দিৰা- ২জন, ৰঙিয়া- ১জন, চামৰীয়া আৰক্ষী চকীৰ ২ জন অন্তৰ্ভুক্ত।
বিভিন্ন সময়ত ভুৱা পৰিচয় দি সাধাৰণ লোকক প্ৰতাৰণা কৰি আহিছিল এই প্ৰৱঞ্চক সকলে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সমগ্ৰ অসমজুৰি চলোৱা এক অভিযানৰ সময়তেই ৩০০ তকৈও অধিক প্ৰৱঞ্চকক আটক কৰা হৈছে।
প্ৰৱঞ্চনামূলক ফোন কল, মেছেজ আৰু বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰীৰ জৰিয়তে মানুহক প্ৰৱঞ্চনা কৰাৰ সৈতে জড়িত বুলি অভিযোগ উঠা ব্যক্তিসকলৰ ওপৰত এই অভিযানে বিশেষ গুৰুত্ব আৰোপ কৰিছে।
লগতে পঢ়ক: “ৰংপুৰ-শিৱসাগৰ এতিয়া বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ বাবে মনোনয়ন দাখিল কৰা হৈছে”; মুখ্যমন্ত্ৰী
