Voice of Eastern India

Assam Agriculture Department: কৃষকলৈ আশ্বাস, বিষয়ালৈ নিৰ্দেশ! গোৱালপাৰাত ব্যস্ততাপূৰ্ণ কাৰ্যসূচী মন্ত্ৰী পীযুষ হাজৰীকাৰ


Assam Agriculture Department: গোৱালপাৰাত উপস্থিত হৈ কৃষকক কি কি আশ্বাস দিলে মন্ত্ৰী পীযুষ হাজৰীকাই?

কৃষকৰ সমস্যা আৰু কৃষি খণ্ডৰ উন্নয়নৰ দিশত চলি থকা কাম-কাজৰ বুজ ল’বলৈ শনিবাৰে গোৱালপাৰা জিলাত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা। ভ্ৰমণকালত কৃষি আৰু জলসিঞ্চন বিভাগৰ বিভিন্ন আঁচনি পৰিদৰ্শন কৰাৰ লগতে বিভাগীয় বিষয়াসকলৰ সৈতে কেইবাখনো পৰ্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী (Assam Agriculture Department)।

বিধায়ক টংকেশ্বৰ ৰাভা আৰু পবিত্ৰ ৰাভাক লগত লৈ দৰংগিৰি কল বজাৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। তাত কৃষক আৰু ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰি উন্নত মানৰ কলৰ পুলি যোগান আৰু পৰ্যায়ক্রমে জলসিঞ্চনৰ সুবিধা বৃদ্ধিৰ আশ্বাস দিয়ে। লগতে নিৰ্মীয়মাণ বজাৰগৃহটো ২০২৭ চনৰ জানুৱাৰীৰ ভিতৰত মুকলি কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে (Pijush Hazarika Goalpara Visit)।

দেউলগুৰিত তৈলপামৰ খেতি পৰিদৰ্শন কৰি কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। বৈঠকত কৃষকৰ পঞ্জীয়ন, পুলি বিতৰণ, মাখানা খেতিৰ সম্ভাৱনা, কৃষক উৎপাদক কোম্পানী শক্তিশালী কৰা আৰু কৃষি আন্তঃগাঁথনি উন্নয়নৰ বিষয়ত আলোচনা হয়। ৰাজ্যত ১,৫০০টা কৃষক উৎপাদক কোম্পানী গঠনৰ লক্ষ্যৰ লগতে গোৱালপাৰাত দুটা কাঠফুলা প্ৰক্ৰিয়াকৰণ গোট স্থাপনৰ বিষয়টোও আলোচনা কৰা হয়। চৰকাৰক ধান বিক্ৰী কৰা কৃষকসকলক ধান ক্ৰয়ৰ প্ৰমাণপত্ৰ বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে।

ইফালে, দুধনৈ সমষ্টিৰ হাব্ৰি আৰু দেউচিলা জলসিঞ্চন আঁচনি পৰিদৰ্শন কৰি ইয়াৰ কাম-কাজৰ বুজ লয় পীযুষ হাজৰীকাই। বৰ্তমান আঁচনি দুখনৰ অধীনত ক্ৰমে ১০০ আৰু ৪০৫ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা আছে। কিন্তু আঁচনি দুখনৰ জৰিয়তে ক্ৰমে ৬০০ আৰু ৯৪০ হেক্টৰ ভূমিত জলসিঞ্চন সম্ভৱ। অহা বছৰৰ ভিতৰত এই সম্পূৰ্ণ সম্ভাৱনা ব্যৱহাৰ কৰাৰ লক্ষ্যৰে কাম-কাজ ক্ষিপ্ৰ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

ভ্ৰমণৰ সময়তে অসম গৌৰৱ বঁটাপ্ৰাপক প্ৰগতিশীল কৃষক হৰকান্ত বসুমতাৰীক তেওঁৰ বাসগৃহত সম্বৰ্ধনা জনায় মন্ত্ৰীগৰাকীয়ে। তৈলপাম খেতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁৰ প্ৰশংসা কৰে।

আনহাতে, দুধনৈৰ উদয়পুৰ খেলপথাৰত খেল মহাৰণ ৩.০ৰ গাঁও পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতাও উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। অনুষ্ঠানত বিধায়ক টংকেশ্বৰ ৰাভা, পবিত্ৰ ৰাভাৰ লগতে গোৱালপাৰাৰ জিলা আয়ুক্ত আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক: Tengakhat Tank Farm Fire: টেঙাখাতৰ ঘটনাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল, হাস্পতালত উপস্থিত হৈ ল’লে আহতৰ খবৰ



Source link

Leave A Reply

Your email address will not be published.