Voice of Eastern India

Tengakhat Oil India Blast: টেঙাখাতৰ অইল ইণ্ডিয়াৰ অগ্নিকাণ্ডত মৃত্যুৰ সংখ্যা ৫জনলৈ বৃদ্ধি


Tengakhat Oil India Blast: অইল ইণ্ডিয়াৰ টেংক ফাৰ্মত বিস্ফোৰণৰ ঘটনা, চিকিৎসাধীন অৱস্থাত পুনৰ এজনৰ মৃত্যু।

ডিব্ৰুগড়ৰ টেঙাখাতত অইল ইণ্ডিয়া লিমিটেডৰ ITF-ত সংঘটিত ভয়ংকৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনাত মৃত্যুৰ সংখ্যা ৫জনলৈ বৃদ্ধি পাইছে। সোমবাৰে (১০ নৱেম্বৰ) ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আন এজন গুৰুতৰভাৱে আহত ব্যক্তিৰ মৃত্যু হয়।

মৃত্যু হোৱা লোকজন টেঙাখাতৰ দীঘলীয়া গাঁৱৰ কুমুদ গগৈ। বিস্ফোৰণ আৰু তাৰ পাছত সৃষ্টি হোৱা জুইত তেওঁৰ শৰীৰৰ ৬০ শতাংশতকৈ অধিক অংশ অগ্নিদগ্ধ হৈছিল। প্ৰথমে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা কুমুদ গগৈক পৰৱৰ্তী সময়ত আস্থা হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল। তাতেই শেষ নিশ্বাস ত্যাগ কৰে তেওঁ (Tengakhat Oil India Blast)।

ইয়াৰ পূৰ্বে এই ঘটনাত ৰাইজু দত্ত নামৰ স্পেক্ট্ৰন ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ এজন কৰ্মচাৰীৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। আনহাতে, চিকিৎসাধীন অৱস্থাত টাপাছ গগৈ (৪০), ৰূপম গোহাঁই আৰু শৈলেন গগৈৰো মৃত্যু হয়। তাপস গগৈ আৰু শৈলেন গগৈৰ মৃত্যু ডিব্ৰুগড়ৰ আস্থা হাস্পতালত হোৱাৰ বিপৰীতে ৰূপম গোহাঁইৰ মৃত্যু হৈছিল গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত (Tengakhat Tank Farm Fire)।

ইফালে, স্পেক্ট্ৰন ইঞ্জিনিয়াৰিঙৰ আন এজন গুৰুতৰভাৱে আহত কৰ্মচাৰী গোলাপ দত্তই বৰ্তমানো ডিব্ৰুগড়ৰ হাস্পতালত জীৱন-মৃত্যুৰে যুঁজ দিছে। আনহাতে, উন্নত চিকিৎসাৰ বাবে ইন্দ্ৰজিৎ গগৈ নামৰ সপ্তমজন আহত ব্যক্তিকো বিমানযোগে ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে।

উল্লেখ্য যে, যোৱা শুকুৰবাৰে (৬ নৱেম্বৰ) পুৱা টেঙাখাতৰ অইল ইণ্ডিয়া লিমিটেডৰ অইল কালেক্টিং ষ্টেচন (OCS)ৰ ITFত নিয়মীয়া মেৰামতিৰ কাম চলি থকাৰ সময়তে সংঘটিত হৈছিল এই বিস্ফোৰণ। বিস্ফোৰণৰ পাছতে সূত্ৰপাত হোৱা ভয়ংকৰ জুইত ৰাইজু দত্তৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন ছয়জন কৰ্মচাৰী গুৰুতৰভাৱে আহত হৈছিল।

সেইদিনা মেৰামতিৰ কামত নিয়োজিত সাতজন কৰ্মচাৰীৰ ভিতৰত দুজনৰ অৱশ্যে কথমপি প্ৰাণৰক্ষা পৰে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে তেওঁলোকে নিৰাপদে ইউনিটটোৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক: Tengakhat Tank Farm Fire: টেঙাখাতৰ ঘটনাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল, হাস্পতালত উপস্থিত হৈ ল’লে আহতৰ খবৰ



Source link

Leave A Reply

Your email address will not be published.