গীতানগৰ কলেজৰ সোণালী জয়ন্তী, বাণিজ্য শাখাৰ বাবে ৩ কোটি টকা
গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ দেশৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে (Golden Jubilee Geetanagar College)।
সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে PM-USHA আঁচনিৰ অধীনত নিৰ্মাণ কৰা মহাবিদ্যালয়খনৰ এটা নতুন শৈক্ষিক ভৱন ছাত্ৰ-ছাত্ৰীৰ বাবে উৎসৰ্গা কৰা হয়। এই নতুন ভৱনটোৱে মহাবিদ্যালয়খনৰ শৈক্ষিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে বিবেচিত হৈছে (Geetanagar College Guwahati)।
ইয়াৰ লগতে মহাবিদ্যালয়খনত বাণিজ্য শাখা মুকলি কৰাৰ বাবে ৩ কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষাৰ সুযোগ অধিক সম্প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক পৰম্পৰাগত অসমীয়া গামোচা আৰু মুগা চাদৰেৰে সম্বৰ্ধনা জনায়। লগতে পৰম্পৰাগ কাঁহৰ শিল্পকৰ্মৰ এটা ছেট, মা কামাখ্যা দেৱালয়ৰ চিত্ৰ আৰু এখন জাপি উপহাৰ হিচাপে আগবঢ়ায়।
গীতানগৰ মহাবিদ্যালয়ৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত পাঁচ দশকজোৰা অৱদানক স্মৰণ কৰি অনুষ্ঠিত এই সোণালী জয়ন্তী শিক্ষাবিদ আৰু শৈক্ষিক সমাজৰ বহু লোক একত্ৰিত হয়।
লগতে পঢ়ক: সুখবৰ: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ চাকৰিৰ বিজ্ঞাপন মুকলি
