সামাজিক মাধ্যমত চলি থকা ৮০ দশকৰ ভাইৰেল ট্ৰেণ্ডক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
সামাজিক মাধ্যমত চলি থকা ৮০ দশকৰ ভাইৰেল ট্ৰেণ্ডে সকলোকে চুই গৈছে। এই ট্ৰেণ্ড কেৱল সাধাৰণ লোকৰ মাজতেই নহয় ৰাজনৈতিক নেতা, ছবিজগতৰ তাৰকা সকলৰ মাজতো বিয়পি পৰিছে। তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও এই ভাইৰেল ট্ৰেণ্ড ফ’ল কৰিছে। এতিয়া ‘Viral 1980s Prompt’ক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে ৮০ দশকলৈ উভতি যোৱাটো এটা নষ্টাল’জিক অনুভৱ। আমি ৮০ দশকলৈ উভতি যাব লাগে কিন্তু লগতে আমি ২০ বছৰ আগলৈ গৈ কি তেতিয়া হ’ব সেইটোও চাব লাগে। পিছলৈ ঘূৰি গ’লে এটা নষ্টালজিয়া আহে, কিন্তু আগলৈ যোৱাটো হৈছে সপোন।আমি দুয়োটা ট্ৰেণ্ডয়েই ৰাখিব লাগে। ২০ বছৰ আগৰ আৰু ২০ বছৰ পিছৰ।
লগতে পঢ়ক: ‘৮০-ৰ দশকৰ ট্ৰেণ্ডত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ
