৬ অক্টোবৰত নগাঁও লোকসভাৰ উপ নিৰ্বাচন অনুষ্ঠিত হ’ব। যাৰ বাবে শুকুৰবাৰে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয়।
ঘোষণা কৰা হ’ল নগাওঁ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থীৰ নাম। দেৱাশীষ শৰ্মা হ’ব নগাঁও উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰিছিল নগাঁৱৰ প্রাক্তন আয়ুক্তগৰাকীয়ে । নাম ঘোষণাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেৱাশীষ শৰ্মাই।
তেওঁ কয় যে, ‘বিজেপিৰ প্ৰাৰ্থী হিচাপে মোৰ দৃঢ় বিশ্বাস,সকলোৱে মোক মৰম দিব। ৰাইজ আৰু মোৰ মাজৰ যি সম্পৰ্ক সেয়া বহু বছৰ ধৰি অব্যাহত আছে।সেই কাৰণে মই বহু বেছি বিশ্বাসী। ৰাইজে পৰিৱৰ্তন বিচাৰে আৰু ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰাব বুলি মই বিশ্বাসী।
উল্লেখ্য যে, ৬ অক্টোবৰত নগাঁও লোকসভাৰ উপ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৯ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।
লগতে পঢ়ক: পুনৰ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক হিচাপে নিৰ্বাচিত অৰবিন্দ কেজৰিৱাল
