অসমৰ বিভিন্ন স্থানত বহু ৰাস্তা-ঘাটৰ অৱস্থা এতিয়াও তথৈবচ – আছু
ABKK Kamarupa, গুৱাহাটী, ১১ চেপ্তেম্বৰ ২০২৬: বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ নামত বহু স্থানত নিৰ্মাণ কাৰ্য চলি আছে। কিন্তু নিৰ্মাণৰ নামত সৃষ্টি হোৱা গাঁত তথা অসুৰক্ষিত পথৰ বাবে প্ৰতিদিনে জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইয়াৰ উপৰি টোলগেট নিৰ্মাণেৰে টোল কৰ সংগ্ৰহ কৰি ৰাইজৰ ওপৰত আন এক বোজা জাপি দিয়া হৈছে অথচ বহু পথৰ সুৰক্ষাই এতিয়ালৈ নিশ্চিত হোৱা নাই বুলি উদ্বিগ্ন প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই।
শেহতীয়াকৈ ক্ষেত্ৰীৰ দৰে পথ দুৰ্ঘটনাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা দুৰ্ঘটনাসমূহে পুনৰ এবাৰ বাট-পথসমূহৰ সুৰক্ষা আৰু নিৰ্মাণক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
সেয়েহে ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি জৰাজীৰ্ণ বাট-পথসমূহ শীঘ্ৰে মেৰামতি আৰু পুনৰ নিৰ্মাণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি অসমৰ সৰ্বত্ৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
কোনো অসুৰক্ষিত ৰাস্তাৰ বাবে যাতে আৰু কোনো পৰিয়ালে আপোনজনক হেৰুৱাবলগীয়া নহয় বা দুৰ্ভোগ ভুগিবলগীয়া নহয়, সেই বিষয়ত চৰকাৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰি জনসাধাৰণৰ জীৱন নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব বুলি মত ব্যক্ত কৰিছে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে।







