নিজৰ হাতেৰে পত্নীক হত্যা কৰি ছিন্ন মুণ্ড ফ্ৰিজত ভৰাই থোৱা ৰামানুজ গোস্বামী এতিয়া যেন অনুতপ্ত। স্বাস্থ্য পৰীক্ষাৰ পৰা উভতি আহি ক’লে মোক চাই কোনেও এই কাম নকৰিব।
সুৰ সলনি হৈছে পত্নীহত্যাকাৰী ৰামানুজ গোস্বামীৰ।পত্নীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ সময়ত ‘NO REGRETS, NO APOLOGY’, তাইক হত্যা কৰি ভুল কৰা নাই বুলি কোৱা ৰামানুজ গোস্বামীৰ মুখত আজি জয় শ্ৰী ৰাম ধ্বনি।
স্বাস্থ্যপৰীক্ষা কৰিবলৈ যোৱাৰ সময়ত ৰামানুজৰ মুখৰ পৰা ওলাইছিল Good Morning, জয় শ্ৰী ৰাম আৰু একো নকওঁ। স্বাস্থ্য পৰীক্ষা কৰি উভতি আহি কেমেৰাৰ সন্মুখন হাত যোৰ কৰি অনুতপ্ত ৰামানুজ। হাত যোৰ কৰি ক’লে সকলোকে এটা অনুৰোধ, মই যিটো কাম কৰিছো, বহুত বেয়া কাম কৰিছো। মোক চাই কোনেও এই কামটো নকৰিব। সকলোলৈকে মোৰ এইটো অনুৰোধ । মই গালি খাব লগীয়া কাম কৰিছো, ভাল কাম মই কৰা নাই, সেই কাৰণে ৰাইজে মোক গালি পাৰিছে।
লগতে পঢ়ক: ‘নিজৰ ধৰণৰেই সকলোৱে কৰিব পাৰিব প্ৰাৰ্থনা’; ১৯ ছেপ্টেম্বৰক লৈ গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য
