এন ই হাইজিন চল্যুচনৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস সফলতাৰে সম্পন্ন
এন ই হাইজিন চল্যুচনৰ উদ্যোগত বানপীড়িত ৰাইজৰ ঘৰ-বাৰী পৰিস্কাৰ পৰিচ্ছন্নতাৰ বাবে ৫০জনীয়া দল সাজু
এন ই হাইজিন চল্যুচনৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস সফলতাৰে সম্পন্ন।
বানবিধস্ত ৰাইজৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ বাবে ৫০ জনীয়া দল সাজু এয়া শুভজনক- লুইত নীল ডন।
ABKK Kamarupa গুৱাহাটী, ২ আগষ্ট ২০২৬: ষষ্ঠ প্ৰতিষ্ঠা দিৱস উপলক্ষে এন ই হাইজিন চল্যুচনৰ সঞ্চালক নৱ কামানৰ নেতৃত্বত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানবিধ্বস্ত অঞ্চলত বিনামূলীয়াকৈ চাফাই অভিযান, ঘৰ-বাৰী, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত পৰিস্কাৰ পৰিচ্ছন্নতাৰ বাবে ৫০ জনীয়া দল সাজু হৈ পৰিছে এয়া মানৱীয় প্ৰমূল্যবোধ আৰু সামাজিক দায়বদ্ধতাক প্ৰকাশ কৰিছে। এনে শুভ ক্ষণত আমাক আমন্ত্ৰণ কৰি এন ই হাইজিন চল্যুচনৰ ডিজিটেল পডকাষ্ট মুকলি কৰাৰ সুবিধা দিয়া বাবে সমূহ কৰ্ম কৰ্তালৈ আন্তৰিক অভিনন্দন জনাইছো বুলি মত পোষণ কৰিছে নিউজ লাইভ চেনেলৰ কাৰ্যবাহী সম্পাদক লুইত নীল ডনে৷ উল্লেখযোগ্য যে,
হোটেল মেনেজমেন্ট বিষয়ত উচ্চ শিক্ষাৰে শিক্ষিত অসমৰ স্থানীয় যুৱক নৱ কামান, জয়প্ৰকাশ দাস আৰু ৰাতুল কুমাৰ ,এই তিনিগৰাকী উদ্যমী যুৱকে কভিড অতিমাৰীৰ সময়ত বিদেশ আৰু বহি: ৰাজ্যত কৰা কামৰ অভিজ্ঞতা আৰু জ্ঞানক সাৰোগত কৰি নিজ মাতৃভূমিত NE Hygiene Solutions নামেৰে ২০২০ চনত housekeeping, facility management, pest control , deep cleaning services ইত্যাদিৰ উদ্যেশ্যৰে স্থাপন কৰা উদ্যোগ তথা সেৱা প্ৰতিষ্ঠানটোৱে গুৱাহাটীৰ হেঙেৰাবাৰীত থকা মুখ্য কাৰ্যালয়ৰ সৈতে থকা তেওলোকৰ নিজা গেষ্ট হাউছ ছান চাইডত ১ আগষ্ট ২০২৬ তাৰিখে ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন। উজনি অসমৰ সাম্প্ৰতিক বানাক্ৰান্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ উদযাপন কৰা এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত প্ৰতিষ্ঠানটোৰ বিষয়া, কৰ্মচাৰী,গন্য মান্য শুভাকাঙ্খী ব্যক্তিৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে মহিলা সমাজকৰ্মী ড°মন্দিৰা বৰুৱা,দীশা বৰুৱা, জ্যেষ্ঠ সাংবাদিক লুইত নীল ডন, কুশল চায়েঙ্গীয়া, ৰেনু গগৈ সন্দিকৈ ইত্যাদি ৷ ষষ্ঠ বৰ্ষপূৰ্তিৰ এই বিশেষ দিনটোতে NE Hygiene Foundation নামেৰে NGO প্ৰতিষ্ঠাৰ লগতে NE Hygiene Digital Podcast channelৰো শুভাৰম্ভ কৰে ড° মন্দিৰা বৰুৱা আৰু নিউজ লাইভৰ কাৰ্যবাহী সম্পাদক লুইত নীল ডনে।
প্ৰণিধানযোগ্য যে, একেৰাহে ছটা বছৰ সাফল্যৰ ধাৰা অব্যাহত ৰাখি NE Hygiene Solutionsএ ৰাইজৰ বিশ্বাস বুটলিবলৈ সক্ষম হোৱাৰ মূল কাৰণ হৈছে তেওলোকৰ উদ্ভাৱনী চিন্তা, দূৰদৰ্শিতা, সাহস, অনুশাসন আৰু বিষয়া কৰ্মচাৰী সমন্বিতভাৱে সততা,নিষ্ঠা সহকাৰে কৰা কঠোৰ পৰিশ্ৰমৰ ফলস্ৰুতি ৷ বিদেশত বা বহিঃৰাজ্যত পুনৰ চাকৰি বিচাৰি নগৈ নিজৰ জন্মভূমিত NE Hygiene Solutions নামেৰে উদ্যোগ তথা সেৱা প্ৰতিষ্ঠানটো গঢ়িবলৈ কৰা সাহসৰ বাবে নৱ,জয় আৰু ৰাতুল প্ৰশংসাৰ পাত্ৰ৷ নিজৰ সংস্থাপন নিশ্চিত কৰাৰ লগতে আনৰ বাবেও চাকৰি সৃষ্টি কৰি প্ৰায় ৭০০ পৰিয়ালৰ অন্নদাতা হিচাবে পৰিগণিত হ’ব পাৰিছে পৰিচালন সঞ্চালক নৱ কান্ত কামানৰ নেতৃত্বত গঢ়ি উঠা NE Hygiene Solutions নামৰ এই সেৱা প্ৰতিষ্ঠানটোৱে আৰু এয়া অসমৰ দৰে অৰ্থনৈতিক ভাৱে পিছপৰা আৰু নিবনুৱা সমস্যাৰে জৰ্জৰিত ৰাজ্যখনৰ বাবে এক প্ৰশংসনীয় পদক্ষেপ যাৰবাবে মই তেওলোকক অভিনন্দন জ্ঞাপন কৰিছে সচেতন মহলে৷ তেওলোকৰ এই সফলতাৰ যাত্ৰা অব্যাহত থাকক লগতে উন্নত আৰু উচ্চ মানদণ্ডৰ বিশ্বাসযোগ্য সেৱাৰে অসমৰ ৰাইজৰ হৃদয় জয় কৰি ভৱিষ্যতে Hospitality and housekeeping ক্ষেত্ৰখনত এক জাকতজিলিকা প্ৰতিষ্ঠান স্বৰূপে NE Hygiene Solutions এ প্ৰতিষ্ঠা লাভ কৰক তাৰেই কামনা কৰিলো পহিলা আগষ্টৰ এই ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানৰ শুভেচ্ছা জ্ঞাপন কৰিছে সমাজকৰ্মী অনু বৰুৱাই।
বিগত ছয়বছৰত এই কোম্পানীয়ে কেৱল ক্লায়েণ্টৰ আস্থা অৰ্জন কৰাই নহয়, বহু স্থানীয় যুৱকৰ বাবে নিয়োগৰ সুযোগো সৃষ্টি কৰিছে লগতে দক্ষতা বিকাশ, সুস্থিৰ জীৱিকা, আৰু গুণগত পেছাদাৰী কৰ্ম সংস্কৃতি প্ৰদান কৰি কোম্পানীয়ে আমাৰ অসমৰ দৰে এখন পিছপৰা অনুন্নত ৰাজ্যত অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত বিশেষকৈ স্বাস্থ্যখণ্ডত অৰ্থপূৰ্ণ অৰিহণা যোগাইছে। এই কৃতিত্বৰ বাবে তেওলোক প্ৰশংসাৰ যোগ্য।





