Majuli MBK’s Lifetimes Achievement Award presented to Renowned Social Worker Prabhat Mili
ABKK Kamarupa, Majuli, 24 August 2026: যোৱা ২৩ আগষ্ট, ২০২৬ তাৰিখে মাজুলীৰ ফুলনি পঞ্চায়ত প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মিচিং সমাজৰ অন্যতম পুৰোধা ব্যক্তি, ভাষা-সংস্কৃতিৰ আজীৱন কাণ্ডাৰী মিগাং প্ৰভাত মিলিক সন্মানীয় “MI TURGO TURYING AMAN” (আজীৱন বৰেণ্য লোক-সংস্কৃতি বঁটা) প্ৰদান।
মাজুলী জিলা মিচিং বাঃনৗ কৗবাং (MBK)-ৰ উদ্যোগত আৰু TMPK, MMK, লগতে TMMK-ৰ যৌথ সহযোগত অনুষ্ঠিত হোৱা এক বিশেষ প্ৰতিনিধিমূলক সভাতেই তেখেতৰ মহান কৰ্মৰাজিৰ এই স্বীকৃতি প্ৰদান কৰা হয়।
প্ৰভাত মিলি মিচিং সমাজৰ এগৰাকী ‘মুকুটহীন সম্ৰাট’ আৰু তেখেতৰ বৰ্ণিল জীৱনৰ কেইটামান উল্লেখযোগ্য দিশ:
📍সাংস্কৃতিক সাধকঃ
মিচিং লোক-সংস্কৃতি আৰু আগমৰ (ভাষাৰ) একনিষ্ঠ সেৱক।
📍নেতৃত্বঃ
মিচিং আগম কৗবাঙৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি।
📍সাহিত্যিক অৱদানঃ
এগৰাকী প্ৰথিতযশা প্ৰবন্ধকাৰ আৰু সুদক্ষ সংকলক।
📍সমাজ সংস্কাৰকঃ
সমাজৰ উত্তৰণৰ বাবে অহৰ্নিশে শ্ৰম কৰা এগৰাকী নিস্বাৰ্থ কৰ্মী।
মিচিং ভাষা আৰু সাহিত্যৰ প্ৰসাৰৰ ক্ষেত্ৰত তেখেতৰ যি নিৰলস প্ৰচেষ্টা, তাৰ ঋণ মিচিং সমাজে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। তেখেতৰ আদৰ্শ আৰু প্ৰতিটো খোজ আমাৰ সকলোৰে বাবে এক মহান প্ৰেৰণা।
On August 23, 2026, the Phulani Panchayat Auditorium in Majuli witnessed a monumental event as the revered Migang Prabhat Mili was honoured with the prestigious “MI TURGO TURYING AMAN” (Lifetime Achievement Award in Folk Culture).
Organised by the Majuli District Mising Bane Kébang (MBK) in collaboration with TMPK, MMK, and TMMK, this special meeting celebrated the uncrowned king of Mising society and a lifelong guardian of its language and culture.
A Glimpse into His Monumental Contributions:
Prabhat Moley Sir’s lifelong dedication has shaped the community in profound ways:
📍Cultural Guardian:
A relentless champion of Mising folk culture and language (Agom).
📍Visionary Leader:
Former General Secretary and current Central Vice-President of the Mising Agom Kebang.
📍Literary Figure:
An eminent essayist, skilled compiler, and dedicated social reformer.
The Mising community owes him an unpayable debt for his tireless efforts in promoting Mising language and literature. Every step he takes is a source of immense inspiration for all. On behalf of all allied organizations, they offer their deepest respects and pray for his continued good health, long life, and boundless energy.

