দিনতেই ক’লা হৈ পৰিছে মহানগৰীৰ আকাশ। প্ৰচণ্ড বৰষুণত ঠায়ে ঠায়ে কৃত্ৰিম বানৰ আশংকা।
মহানগৰীত বতৰৰ ভয়ংকৰ ৰূপ। ক’লা ডাৱৰে আৱৰি ধৰিছে মহানগৰীৰ আকাশ। দিনতেই অন্ধকাৰছন্ন হৈ পৰিছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ। গাজি-গুমৰি মহানগৰীৰ ঠায়ে ঠায়ে তাণ্ডৱ চলাইছে বৰষুণে (Guwahati Weather)।
ধাৰষাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে বৃদ্ধি পাইছে কৃত্ৰিম বানৰ আশংকা। কৃত্ৰিম বানে স্বাভাৱিক জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ শংকাত ভুগিছে মহানগৰীৰ বাসিন্দা। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰত নোলাবলৈ পৰামৰ্শ দিয়া হৈছে জনসাধাৰণক। নিশাৰ ভাগলৈ পৰিস্থিতি অধিক ভয়ানক হোৱাৰো আশংকাই দেখা দিছে (Guwahati Rain)।
ইফালে গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত বতৰে কালৰূপ ধৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ ২২ খনকৈ জিলাত বিজুলী-ধেৰেকনি সহ প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক: নিশাৰে পৰা মুষলধাৰ বৰষুণ, কৃত্ৰিম বান
