Barpeta Road Murder: বৰপেটাৰোডৰ সমীপৰ হটাপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ৰাজপথতে ৰেজিয়া খাতুনক উপৰ্যুপৰি আক্ৰমণ কৰে দুৰ্বৃত্তই।
Barpeta Road Murder: আকৌ ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এগৰাকী মহিলাক উপৰ্যুপৰি আক্ৰমণ দুৰ্বৃত্তৰ। দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় বৰবালাৰ ৰেজিয়া খাতুন। (Barpeta Road Murder)
বৰপেটাৰোডৰ সমীপৰ হটাপাৰাত এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হৈছে। মহিলা গৰাকীৰ ডিঙি আৰু মুখমণ্ডলত ঘপিয়াই হত্যা কৰাৰ অভিযোগ কৰা হৈছে। ৰাজপথতে উপৰ্যুপৰি আক্ৰমণ কৰিছিল মহিলাগৰাকীক।
জানিব পৰা মতে, দুগৰাকী যুৱতী খোজকাঢ়ি আহি থকাৰ সময়তে মটৰ চাইকেলত অহা অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে। আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা আনগৰাকী যুৱতীৰ।(Barpeta Road Murder)
ঘটনাস্থলীত শিমলাগুৰি আৰক্ষীৰ উপস্থিত হৈ সোধা-পোছাত হত্যাকাণ্ডটোৰ কাৰণ পাৰিবাৰিক কন্দল বুলি অনুমান কৰিছে। ঘটনাৰ পিছতেই পলাতক হৈ আছে মহিলাগৰাকীৰ স্বামী। যাৰ বাবে মহিলাগৰাকীৰ স্বামীৰ ওপৰত সন্দেহ হৈছে আৰক্ষীৰ। পাৰিবাৰিক কন্দলৰ বাবেই সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে কঠোৰ অভিযান চলাইছে।(Barpeta Road Murder)
লগতে পঢ়ক: Assam Divyang Cricket Team: অসম দিব্যাংগ ক্ৰিকেট দলত স্থান লাভ বৰপেটাৰ খংৰা গাঁৱৰ আৰপ মোল্লাৰ
