Transport Strike: চৰকাৰৰ সৈতে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ আলোচনা বিফল। পুনৰ অনিৰ্দিষ্টকাললৈ অব্যাহত থাকিব চকা বন্ধ কাৰ্যসূচী। যাতায়াত ব্যৱস্থাত পৰিব এই সিদ্ধান্তৰ প্ৰভাৱ।
ৰাজ্যত অনিৰ্দিষ্টকাললৈ বাহাল থাকিব সদৌ অসম মটৰ পৰিবহণ সন্থাৰ চকা বন্ধ কাৰ্যসূচী। আজি পৰিবহন বিভাগৰ সৈতে মটৰ পৰিবহন সন্থাৰ আলোচনা আছিল(Transport Strike) । কিন্তু পৰিবহণ বিভাগ আৰু মটৰ পৰিবহণ সন্থাৰ আলোচনা বিফল হোৱাৰ পিছতেই এই সিদ্ধান্ত লোৱা হয়(Transport Strike) ।
আলোচনা বিফল হোৱাৰ পিছতেই পুনৰ চকা বন্ধ কাৰ্যসূচী বাহাল থাকিব বুলি ঘোষণা কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই(Transport Strike)।
পৰিৱহণ বিভাগে লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈকে বন্ধ উঠাই নলয় মটৰ পৰিবহন সন্থাই। SLD আৰু VLTDৰ বিসংগতি দূৰ কৰাৰ দাবীত আজি পুৱা ৬ বজাৰ পৰা অনিৰ্দিষ্টকালীন চকা বন্ধৰ কাৰ্যসূচী অব্যাহত ৰাখিছে সদৌ অসম মটৰ শ্ৰমিক সন্থাই।(Transport Strike)
লগতে পঢ়ক: Garbage collection fees: গুৱাহাটীবাসীৰ বাবে নতুন নিৰিখ! জাৱৰ সংগ্ৰহৰ মাচুল বৃদ্ধি
