Assam Youth Missing in Russia: কাম বিচাৰি গৈ সন্ধানহীন অসমৰ যুৱক! ৰাছিয়ান সেনাৰ পোছাকত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
Assam Youth Missing in Russia: ৰাছিয়াৰ সেনাৰ পোছাকত অসমৰ যুৱক! ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে উদ্বিগ্ন পৰিয়াল।
এটা ভাল চাকৰিৰ আশাত ঘৰৰ পৰা ওলাই গৈছিল অসমৰ এজন যুৱক। কিন্তু তাৰ পিছৰে পৰা তেওঁৰ জীৱনলৈ নামি আহিল অনিশ্চয়তা। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাছিয়াৰ সেনাৰ পোছাকত যুৱকজনক দেখা পোৱা বুলি দাবী কৰা এটা ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোত। চাকৰিৰ প্ৰলোভন দেখুৱাই তেওঁক ৰাছিয়ালৈ নি সেনাবাহিনীত যোগদান কৰিবলৈ বাধ্য কৰোৱা হ’ল নেকি, তাক লৈও সৃষ্টি হৈছে প্ৰশ্ন (Assam Youth Missing in Russia)।
নিৰুদ্দেশ হৈ থকা যুৱকজন আব্দুল মুক্তাদিৰ লস্কৰ। কাছাৰ জিলাৰ সোণাইৰ বাসিন্দা আব্দুলে কৰ্মসংস্থাপনৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল। পৰিয়ালৰ ভাষ্য অনুসৰি, কামৰ সন্ধানতে তেওঁ প্ৰথমে মুম্বাইলৈ গৈছিল। পিছত চাকৰিৰ প্ৰতিশ্ৰুতিৰে তেওঁক ৰাছিয়ালৈ পঠিওৱা হয়।
আব্দুলৰ ভাতৃয়ে জনোৱা মতে, ১৩ জুলাইত কাম বিচাৰি মুম্বাইলৈ গৈছিল তেওঁ। তাত প্ৰায় তিনিদিন থকাৰ পিছতে ৰাছিয়ালৈ যাত্ৰা কৰে। অৱশ্যে কোনে তেওঁক ৰাছিয়ালৈ পঠিয়াইছিল, কেনেধৰণৰ চাকৰিৰ প্ৰস্তাৱ দিয়া হৈছিল, সেই সম্পৰ্কে পৰিয়ালৰ হাতত বিশেষ তথ্য নাই (Assam Youth Recruited in Russia)।
পৰিয়ালৰ সৈতে ২৫ আগষ্টলৈকে যোগাযোগত আছিল আব্দুল। কিন্তু তাৰ পিছৰে পৰা হঠাৎ বন্ধ হৈ পৰে ফোন আৰু আন সকলো যোগাযোগ। বহুদিন ধৰি কোনো খবৰ নোপোৱাত চিন্তিত হৈ পৰা পৰিয়ালটোৱে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ প্ৰত্যক্ষ কৰে। ভিডিঅ’টোত ৰাছিয়াৰ সেনাৰ পোছাক পৰিহিত অৱস্থাত আন কেইজনমান লোকৰ সৈতে আব্দুলক দেখা গৈছে বুলি দাবী কৰা হৈছে। অৱশ্যে ভিডিঅ’টোত থকা লোকজন আব্দুলেই হয় নে নহয়, সেয়া স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই। ৰাছিয়াৰ সেনাবাহিনীত তেওঁৰ নিযুক্তিৰ কথাও এতিয়ালৈ নিশ্চিত নহয় (Assam Youth in Russia War)।
ইফালে, পুত্ৰৰ কোনো সন্ধান নাপাই এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিছে পৰিয়ালটো। কূটনৈতিক পৰ্যায়ত হস্তক্ষেপ কৰি আব্দুলৰ সন্ধান উলিওৱাৰ লগতে তেওঁক সুকলমে ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে।
আব্দুল মুক্তাদিৰ দুটি কণমানি সন্তানৰ পিতৃ। তেওঁৰ তিনি বছৰীয়া পুত্ৰ আৰু এবছৰীয়া কন্যা সন্তান আছে। দীৰ্ঘদিন ধৰি পিতৃৰ কোনো খবৰ নোপোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক। স্বামীৰ উভতি অহাৰ আশাত বাট চাই আছে পত্নী আৰু কণমানি সন্তান দুটিয়ে।
লগতে পঢ়ক: School Van Accident: মৃত্যুদূত হৈ আহিল ডাম্পাৰ! ৭ শিক্ষাৰ্থীৰ সৈতে ভয়ংকৰ দুৰ্ঘটনা
