Voice of Eastern India

Assam bridge collapse: অন কেমেৰা ভাঙি পৰিল নিৰ্মীয়মান দলং, হাহাকাৰ অৱস্থা


Assam bridge collapse: নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে ভাঙি পৰে দলংখন

অন কেমেৰা ভাঙি পৰিল নিৰ্মীয়মান দলং। নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে ভাঙি পৰে দলংখন। ঘটনাৰ পিছতে সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ (Assam bridge collapse)।

হাইলাকান্দি জিলাৰ আলগাপুৰ-কাটলিচেৰা সমষ্টিৰ অন্তৰ্গত মোহনপুৰ পাৰ্ট-২ৰ বৰগুলত সংঘটিত হৈছে এই ঘটনা।

দলংখনৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হয়। অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহত বা আহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

দলংখন খহি পৰাৰ ঘটনাই নিৰ্মাণৰ মানক লৈ প্ৰশ্ন উত্থাপন কৰিছে। নিৰ্মাণৰ সময়ত কোনো গাফিলতি বা অনিয়ম হৈছিল নেকি, সেই লৈও চৰ্চা আৰম্ভ হৈছে।

ঘটনাৰ কাৰণ আৰু ক্ষয়-ক্ষতিৰ বিষয়ে এতিয়াও অধিক তথ্য পোহৰলৈ অহা নাই।

লগতে পঢ়ক: Nimisha Thakuria Death Case: নিমিষা কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিক আলীক লক্ষ্য কৰি আৰক্ষীৰ বৃহৎ এক্সন



Source link

Leave A Reply

Your email address will not be published.