আছুৰ হীৰক জয়ন্তী বৰ্ষৰ প্ৰস্তুতি তুংগত এবিক্কে কামৰূপ, গুৱাহাটী,৭ জুলাই: গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰৰ সভাগৃহত সদৌ অসম ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয়।
সভাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষ্যে গ্ৰহণ কৰা বিভিন্ন কাৰ্য্যসূচীৰ দিনাংক, অহা ৮ আগষ্টত সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান গৃহীত হোৱা দিনটোৰ ৬০ বছৰ পূৰ্তি উপলক্ষ্যে হীৰক জয়ন্তী বৰ্ষ উদযাপন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীত ছাত্ৰ সন্থাই গ্ৰহণ কৰিবলগীয়া কাৰ্য্সূচীকে ধৰি বিভিন্ন বিষয়ত বিষদভাৱে আলোচনা কৰা হয়।বৈঠকত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু বহু কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।

