বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণলৈ অভিনন্দন
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য তথা বিধায়ক ড° তুলিৰাম ৰংহাঙে জনাইছে অভিনন্দন

অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণলৈ অভিনন্দন
এবিক্কে কামৰূপ, কাৰ্বি আংলং, ৭ জুলাই : ষষ্ঠদশ অসম বিধানসভাৰ উপাধ্যক্ষৰূপে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বিধায়ক ডাঃ হাবে টেৰণ। পশ্চিম কাৰ্বি আংলং জিলাৰ নৱগঠিত আমৰি (অনসূচিত জনজাতি) সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে ডাঃ টেৰণ। আজি বাজেট অধিৱেশনৰ প্ৰথমদিনা সদনত অধ্যক্ষ শ্ৰী ৰণজিৎ কুমাৰ দাসে বিজেপি বিধায়ক ডাঃ হাবে টেৰণ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে। ইয়াৰ পাছত সদনত সমূহ বিধায়িনী দলৰ নেতৃবৰ্গই নৱনিৰ্বাচিত উপাধ্যক্ষগৰাকীক অভিনন্দন জনায়। উপাধ্যক্ষ হাবে টেৰণলৈ অভিনন্দন জনাইছে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক ড° তুলিৰাম ৰংহাং, কাৰ্বি আংলং জিলা বিজেপি আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সমূহ বিষয়-ববীয়াই।
