Voice of Eastern India

BSF Jawan Dead Body Recovered: ভাৰত-বাংলাদেশ সীমান্তত সন্ধানহীন BSF জোৱানৰ মৃতদেহ উদ্ধাৰ


BSF Jawan Dead Body Recovered: ২৩ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ থকা সীমান্ত সুৰক্ষা বাহিনী (BSF)ৰ জোৱান কে ভেনুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে চাঞ্চল্যকৰ সৃষ্টি হৈছে।

অসমৰ শ্ৰীভূমি জিলাৰ কুশিয়াৰা নদীত উদ্ধাৰ হৈছে সন্ধানহীন হৈ থকা সীমান্ত সুৰক্ষা বাহিনী (BSF)ৰ জোৱান কে ভেনুৰ মৃতদেহ(BSF Jawan Dead Body Recovered)। বুধবাৰে পুৱা ষ্টীমাৰঘাটৰ সমীপত নদীৰ ভটিয়নি অংশত উদ্ধাৰকাৰী দলে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। দেওবাৰে নিশা ভাৰত-বাংলাদেশ সীমান্তত গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে সন্ধানহীন হৈছিল জোৱানজন।(BSF Jawan Dead Body Recovered)

জানিব পৰা মতে, দেওবাৰে নিশা সীমান্তত টহল দি থকাৰ সময়তে BSFৰ দলটোৱে গৰুৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত সন্দেহযুক্ত লোকৰ এটা দলক প্ৰত্যক্ষ কৰে(BSF Jawan Dead Body Recovered) । নিৰাপত্তাৰক্ষীৰ উপস্থিতি উমান পাই প্ৰায় ৪-৫জন লোকে কুশিয়াৰা নদীত জাঁপ দি পলায়নৰ চেষ্টা চলায়। তেওঁলোকক খেদি যোৱাৰ সময়তে নদীৰ প্ৰবল সোঁতত সন্ধানহীন হৈ পৰে কে ভেনু।(BSF Jawan Dead Body Recovered)

সেই সময়ত দলটোৰ আন এগৰাকী সদস্য হেড কনিষ্টবল জিতেন্দ্ৰ যাদৱে নদীৰ প্ৰবল সোঁতৰ মাজতো সাঁতুৰি পাৰলৈ উঠিবলৈ সক্ষম হয়। আনহাতে, ভেনুৰ সন্ধান নোপোৱাত লগে লগে আৰম্ভ কৰা হয় উদ্ধাৰ অভিযান।

জোৱানজন সন্ধানহীন হোৱাৰ পাছতে তেওঁ নদীত ডুব যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছিল। অৱশ্যে বাংলাদেশৰ চোৰাং সৰবৰাহকাৰীয়ে তেওঁক অপহৰণ কৰি নিয়াৰ সম্ভাৱনাও নুই কৰা হোৱা নাছিল। এই সন্দৰ্ভত মঙলবাৰে বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে তেওঁলোকৰ ভূখণ্ডত কোনো ভাৰতীয় জোৱান প্ৰৱেশ কৰাৰ তথ্য নাই বুলি স্পষ্ট কৰি দিয়ে।(BSF Jawan Dead Body Recovered)

ইফালে, উদ্ধাৰ অভিযানৰ মাজতে ছ’চিয়েল মিডিয়াত জোৱানজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰা বুলি প্ৰচাৰিত খবৰকো ভিত্তিহীন বুলি স্পষ্ট কৰে সংশ্লিষ্ট বিষয়াসকলে।(BSF Jawan Dead Body Recovered)

বৰ্তমান কে ভেনুৰ মৃত্যুৰ প্ৰকৃত কাৰণক লৈ তদন্ত অব্যাহত আছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে মৃত্যুৰ কাৰণ স্পষ্ট হ’ব। চোৰাং সৰবৰাহকাৰীক খেদি যোৱাৰ সময়ত নদীত পৰি তেওঁৰ মৃত্যু হৈছিল নে নদীত পৰাৰ পূৰ্বে কোনো আক্ৰমণৰ সন্মুখীন হৈছিল, সেই দিশো পৰীক্ষা কৰি আছে নিৰাপত্তা সংস্থাসমূহে।

লগতে পঢ়ক: Duliajan triple murder: দুলীয়াজানৰ হত্যাকাণ্ডৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী, আহত দুই অভিযুক্ত; পুত্ৰৰ শাস্তি বিচাৰিলে পিতৃয়ে



Source link

Leave A Reply

Your email address will not be published.