Kaziranga road accident: কাজিৰঙাৰ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ দিলে মুখ্যমন্ত্ৰীয়ে।
কাজিৰঙাৰ সমীপত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাই থানবান কৰি থৈ গ’ল বহু পৰিয়ালৰ জীৱন। আপোনজনক হেৰুওৱা পৰিয়ালকেইটাৰ কাষত থিয় হৈ এইবাৰ আৰ্থিক সাহায্য আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে প্ৰতিটো পৰিয়ালক ৫ লাখ টকাকৈ সাহায্যৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Kaziranga road accident)।
উল্লেখ্য যে, যোৱা ১৩ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এখন ট্ৰেভেলাৰ আৰু ট্ৰাকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত ২৬গৰাকী লোকৰ মৃত্যু হৈছিল। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ অধিকাংশই আছিল কলেজৰ শিক্ষাৰ্থী। শ্ৰেণী শেষ কৰি ঘৰলৈ উভতি যোৱাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাটোৰ সন্মুখীন হৈছিল তেওঁলোক।
বোকাখাতত দুৰ্ঘটনাত নিহত অসম আৰক্ষীৰ জোৱান সুশীল ভূমিজৰ বাসগৃহত আয়োজিত অনুষ্ঠানত পৰিয়ালকেইটাক সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। এই সময়ছোৱাত তেওঁ কয় যে আপোনজনক হেৰুওৱাৰ ক্ষতি কোনো ধন-সম্পত্তিৰে পূৰণ কৰিব নোৱাৰি। তথাপি বিপদৰ এই সময়ত চৰকাৰ পৰিয়ালকেইটাৰ কাষত থাকিব আৰু প্ৰয়োজন অনুসৰি সকলো ধৰণৰ সহায় আগবঢ়াব (Kaziranga accident victims)।
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ইতিমধ্যে প্ৰতিটো পৰিয়াললৈ ৫ লাখ টকাকৈ আগবঢ়োৱা হৈছে। ইয়াৰ উপৰি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰা ২ লাখ টকা আৰু প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ দিয়াৰ প্ৰক্ৰিয়া চলি আছে। ভৱিষ্যতে কোনো সহায়ৰ প্ৰয়োজন হ’লে ৰাজ্যৰ মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাৰ সৈতে যোগাযোগ কৰিবলৈও পৰিয়ালকেইটাক পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীয়ে।
ইফালে, অৰুনোদয় আঁচনিৰ সুবিধা অথবা ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা যোগ্য পৰিয়ালৰ সদস্যসকলক শীঘ্ৰে এই সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ গোলাঘাটৰ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।
আনহাতে, দুৰ্ঘটনাটোৰ পিছদিনাই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছিল মুখ্যমন্ত্ৰীয়ে। লগতে আহত ১৮গৰাকী লোকৰ বিনামূলীয়া বিশেষ চিকিৎসাৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰিছিল।
এই শোকাৱহ দুৰ্ঘটনাৰ পিছতে ৰাজ্যত পথ সুৰক্ষা ব্যৱস্থা অধিক কঠোৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। নতুন এছ অ’ পি অনুসৰি, অসমত চলাচল কৰা সকলো পৰিবহণ বাহনত স্পীড গৱৰ্ণৰ সংস্থাপন বাধ্যতামূলক কৰা হৈছে। এই যন্ত্ৰই বাহনৰ গতিবেগ নিৰ্ধাৰিত সীমা অতিক্ৰম কৰাত বাধা দিব।
লগতে পঢ়ক: Assam Police Controversy: পাৰ্টিতেই হাতাহাতিত লিপ্ত দুই শীৰ্ষ আৰক্ষী বিষয়া, ঘটনাক লৈ চাঞ্চল্য
