Voice of Eastern India

ধুবুৰীত পুনৰ চৰকাৰী ভূমি বেদখলৰ …


Dhubri eviction drive: ধুবুৰীত উচ্ছেদ অভিযানৰ পাছতো পুনৰ চৰকাৰী ভূমি বেদখলৰ অভিযোগ। উচ্ছেদিত স্থানত নতুনকৈ গঢ় লৈ উঠিছে দোকান-পোহাৰ, প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমি আৰু বনাঞ্চল বেদখলমুক্ত কৰাৰ বাবে অসম চৰকাৰে ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলাই থকাৰ সময়তে ধুবুৰী চহৰত ইয়াৰ বিপৰীত ছবি পৰিলক্ষিত হৈছে। ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ পাৰৰ একাধিক ঘাটত চৰকাৰী ভূমি পুনৰ বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে(Dhubri eviction drive)।

অভিযোগ অনুসৰি, নদীৰ পাৰৰ চৰকাৰী ভূমি দখল কৰি একাংশ লোকে অস্থায়ী আৰু স্থায়ীভাৱে দোকান-পোহাৰ নিৰ্মাণ কৰিছে(Dhubri eviction drive) । ইয়াৰ ফলত চহৰখনৰ দুয়োখন নদীৰ পাৰৰ বিভিন্ন অঞ্চলত ক্ৰমাৎ বেদখলৰ পৰিসৰ বৃদ্ধি পাইছে। বিশেষকৈ পূৰ্বতে উচ্ছেদ চলোৱা স্থানসমূহতো পুনৰ অবৈধ নিৰ্মাণ গঢ়ি উঠাৰ অভিযোগে বিষয়টোক অধিক চৰ্চালৈ আনিছে।

উল্লেখ্য যে, ২০২৫ চনৰ ১৪ জুনত ধুবুৰী পৌৰসভাই এক বিশেষ উচ্ছেদ অভিযান চলাই কাচাৰী ঘাট, যোগমায়া ঘাট আৰু পাঞ্চু ঘাটকে ধৰি চহৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ নদীপাৰ অঞ্চল বেদখলমুক্ত কৰিছিল। সেই সময়ত চৰকাৰী ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা হৈছিল যদিও বৰ্তমান একাংশ স্থানত পুনৰ নতুনকৈ দোকান-পোহাৰ নিৰ্মাণৰ অভিযোগ উঠিছে।(Dhubri eviction drive)

পূৰ্বৰ উচ্ছেদ অভিযানৰ পাছতো কেনেদৰে একেবোৰ স্থানত পুনৰ বেদখল আৰম্ভ হ’বলৈ পালে, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে(Dhubri eviction drive) । কেৱল উচ্ছেদ অভিযান চলালেই দায়িত্ব শেষ নহয়, পৰৱৰ্তী সময়ত সংশ্লিষ্ট ভূমিসমূহৰ সুৰক্ষা আৰু নিয়মীয়া নিৰীক্ষণৰ ব্যৱস্থাও নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মত প্ৰকাশ কৰিছে নাগৰিকসকলে।

এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ধুবুৰীৰ সচেতন নাগৰিকসকলে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘলৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে। নদীৰ পাৰৰ চৰকাৰী ভূমি পুনৰ বেদখলমুক্ত কৰাৰ লগতে ভৱিষ্যতে যাতে কোনো লোকে অবৈধভাৱে ভূমি দখল কৰিব নোৱাৰে, তাৰ বাবে এক স্থায়ী আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈও সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনাইছে।(Dhubri eviction drive)

লগতে পঢ়ক: BSF Jawan Dead Body Recovered: ভাৰত-বাংলাদেশ সীমান্তত সন্ধানহীন BSF জোৱানৰ মৃতদেহ উদ্ধাৰ



Source link

Leave A Reply

Your email address will not be published.