Voice of Eastern India

Road construction irregularities: চৰকাৰী আঁচনিৰ ধন ক’লৈ গ’ল? জতকীয়া পঞ্চায়তত পথ নিৰ্মাণক লৈ বিস্ফোৰক অভিযোগ


Road construction irregularities: পথ নিৰ্মাণৰ নামত চৰকাৰী ধনৰ লুণ্ঠন? জতকীয়া পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ।

যোৰহাট বিধানসভা সমষ্টিৰ ২৯নং জতকীয়া গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়ণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ গ্ৰাম্য পথ নিৰ্মাণৰ কামত ঠিকাদাৰ আৰু অভিযন্তাৰ গোপন বুজাবুজিৰে চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে।

পঞ্চায়তটোৰ অধীনৰ ৮নং ৱাৰ্ডৰ দকলঙীয়া-কলিয়াপানী চাহ বাগিচাৰ মুণ্ডা লাইনত পঞ্চদশ বিত্তীয় আয়োগৰ ধনেৰে ফেভাৰ ব্লক ব্যৱহাৰ কৰি নিৰ্মাণ কৰি থকা পথটোক কেন্দ্ৰ কৰিয়েই এই অভিযোগ উত্থাপন হৈছে (Road construction irregularities)।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পথ নিৰ্মাণৰ নামত নিম্নমানৰ শিল-বালি ব্যৱহাৰ কৰাৰ লগতে অত্যধিক বালিৰ ওপৰত ফেভাৰ ব্লক বহুওৱা হৈছে। আনহাতে, নিৰ্মাণকাৰ্যত চাইড বীমো প্ৰাককলন অনুসৰি নিৰ্মাণ কৰা হোৱা নাই বুলি অভিযোগ কৰিছে ৰাইজে। ইয়াৰ ফলত পথটোৰ স্থায়িত্বক লৈও প্ৰশ্ন উত্থাপন হৈছে (Jorhat corruption allegation)।

আনহাতে, স্থানীয় ৱাৰ্ড সদস্যগৰাকীৰ বিৰুদ্ধেও অনিয়মৰ পক্ষ লোৱাৰ অভিযোগ উঠিছে। ৰাইজৰ অভিযোগক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়তটোৰ সভানেত্ৰী আৰু সম্পাদকৰ বিৰুদ্ধেও। বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰাৰ পিছতো সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে।

স্থানীয় ৰাইজৰ স্পষ্ট দাবী, চৰকাৰী ধনৰ সদ্ব্যৱহাৰ কৰি প্ৰাককলন অনুসৰিহে পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব লাগে। লগতে নিৰ্মাণকাৰ্যৰ অনিয়মৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে ৰাইজে।

উল্লেখ্য যে, এইসমূহ স্থানীয় ৰাইজ আৰু দল-সংগঠনে উত্থাপন কৰা অভিযোগহে। অভিযোগসমূহৰ সত্যতা নিৰূপণ কৰাটো সংশ্লিষ্ট কৰ্তৃপক্ষৰ তদন্তৰ বিষয়।

মৰিয়নিৰ পৰা জোনটো তাঁতীৰ প্ৰতিবেদন-

লগতে পঢ়ক: Ghy accident: উৰণ সেতুত মৃত্যুৰ কিৰিলি! ভুল দিশৰ পৰা আহি ই-ৰিক্সাত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ



Source link

Leave A Reply

Your email address will not be published.