Assam weather update: অসমসহ উত্তৰ-পূৰ্বাঞ্চলত বতৰৰ পৰিৱৰ্তন, প্ৰবল বৰষুণৰ আগজাননী।
ৰাজ্যত পুনৰ সক্ৰিয় হ’ব পাৰে বৰষুণ। ঘূৰ্ণীবতাহ ‘আকৱান’ৰ প্ৰভাৱত উত্তৰ-পূৰ্বাঞ্চলৰ বতৰত পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। বিশেষকৈ অসম আৰু মেঘালয়ত আগন্তুক কেইটামান দিনত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ’ব পাৰে। এই সন্দৰ্ভত আগজাননী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।
বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহৰ শক্তি কিছু হ্ৰাস পাইছে যদিও ইয়াৰ প্ৰভাৱ এতিয়াও অব্যাহত আছে। উত্তৰ-উত্তৰ-পূব দিশে গতি কৰি থকা এই বতৰ ব্যৱস্থাৰ বাবেই দেশৰ কেইবাখনো ৰাজ্যত বৰষুণৰ সম্ভাৱনা দেখা দিছে (Assam weather update)।
বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি, অসম আৰু মেঘালয়ৰ কিছু কিছু অঞ্চলত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ’ব পাৰে। ২১ নৱেম্বৰত পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ একাংশ অঞ্চলতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। ছিকিমৰ কিছু স্থানত প্ৰবল বৰষুণ হোৱাৰ বিপৰীতে ওড়িশাত পাতলীয়া বৰষুণ হ’ব পাৰে (Assam rainfall forecast)।
ইফালে অসমৰ প্ৰান্তে প্ৰান্তে শনিবাৰৰ দিনটো ডাৱৰীয়াৰ লগতে ঠায়ে ঠায়ে পাতলীয়া বৰষুণো পৰিলক্ষিত হয়। বৰষুণৰ বাবে শীতৰ প্ৰকোপো লাহে লাহে বৃদ্ধি পোৱাৰ লগতে ঠায়ে ঠায়ে প্ৰচণ্ড কুঁৱলীৰ আচ্ছাদনো পৰিলক্ষিত হৈছে (Northeast weather update)।
কেৱল উত্তৰ-পূৰ্বাঞ্চলেই নহয়, দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যতো বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে। ২১ৰ পৰা ২৩ নৱেম্বৰলৈ তামিলনাডু, পুডুচেৰী, কাৰাইকাল, উপকূলীয় অন্ধ্ৰপ্ৰদেশ, ইয়ানাম, কেৰালা, মাহে আৰু ৰায়ালসীমাৰ বিভিন্ন স্থানত মাজে-সময়ে বৰষুণ হ’ব পাৰে। ২৬ নৱেম্বৰতো এই অঞ্চলসমূহত পুনৰ বৰষুণৰ সম্ভাৱনা আছে।
ইফালে, ২৩ৰ পৰা ২৬ নৱেম্বৰলৈ কৰ্ণাটকৰ একাংশ অঞ্চলতো বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে।
আনহাতে, দিল্লী-এনচিআৰত ক্ৰমাৎ জোৰদাৰ হৈছে শীতৰ প্ৰকোপ। ২১ আৰু ২২ নৱেম্বৰত আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব পাৰে যদিও ২৩ নৱেম্বৰৰ পৰা বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত বৰষুণৰ কোনো আগজাননী দিয়া হোৱা নাই।
দিল্লীত সৰ্বোচ্চ উষ্ণতা ২৫ৰ পৰা ২৭ ডিগ্ৰী চেলছিয়াছ আৰু নিম্নতম উষ্ণতা ১৩ৰ পৰা ১৫ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব পাৰে।
লগতে পঢ়ক: Rare White bellied Heron: ভাৰতত ১০টাতকৈও কম, বিশ্বত ৬০টাও নাই! অৰুণাচলত সন্ধান বিৰল চৰাইৰ
