Voice of Eastern India

Ghy accident: উৰণ সেতুত মৃত্যুৰ কিৰিলি!


Ghy accident: মহানগৰীৰ উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা। ভুল দিশৰ পৰা আহি ই-ৰিক্সাত প্ৰচণ্ড খুন্দা মাৰে এখন চাৰিচকীয়া বাহনে।

গুৱাহাটীৰ শ্যামা প্ৰসাদ মুখাৰ্জী উৰণ সেতুত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন চাৰিচকীয়া বাহনে খুন্দিওৱাৰ ফলত এজন ই-ৰিক্সা চালকৰ থিতাতে মৃত্যু হয়।(Ghy accident)

মৃত লোকজন বশিষ্ঠৰ বাসিন্দা তপন কলিতা বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি চাৰিচকীয়া বাহনখনে ভুল দিশৰ পৰা আহি ই-ৰিক্সাখনত খুন্দা মাৰে।(Ghy accident)

দুৰ্ঘটনাটোৰ সময়ত ই-ৰিক্সাখনত গীতাঞ্জলি নামৰ এগৰাকী মহিলা যাত্ৰীয়ে যাত্ৰা কৰি আছিল। মহিলা যাত্ৰী গৰাকীও গুৰুতৰভাৱে আহত হয় আৰু তেওঁক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত চাৰিচকীয়া বাহনখনৰ চালকজনে সুৰাপান কৰি গাড়ী চলাই আছিল বুলিও অভিযোগ উঠিছে।
লগতে পঢ়ক: Double Decker Bus Majuli: মাজুলীৰ ৰাজপথত অত্যাধুনিক দুমহলীয়া পুষ্পক: পৰ্যটকৰ মাজত চৰ্চা



Source link

Leave A Reply

Your email address will not be published.