India EU Trade Agreement: ভাৰত-ইউৰোপীয় সংঘৰ চুক্তিয়ে অসমলৈ কঢ়িয়াব নতুন সুযোগ! মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি কি ক’লে ৰাষ্ট্ৰদূতে?
India EU Trade Agreement: অসমৰ বাবে বিনিয়োগৰ নতুন দুৱাৰ খুলিব EU-India FTA-এ! মুখ্যমন্ত্ৰীৰে বৈঠকৰ পিছতে ডাঙৰ মন্তব্য ৰাষ্ট্ৰদূতৰ।
ভাৰত-ইউৰোপীয় সংঘৰ চুক্তিৰ জৰিয়তে অসমলৈ আহিব পাৰে নতুন বিনিয়োগৰ সুযোগ। এই চুক্তিক কেন্দ্ৰ কৰি অসম আৰু ইউৰোপীয় সংঘৰ মাজত সহযোগিতা বৃদ্ধিৰ সম্ভাৱনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰিলে ভাৰতস্থিত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত জিন-এৰিক পাকে (India EU Trade Agreement)।
সোমবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত অসম আৰু ইউৰোপীয় সংঘৰ মাজত বাণিজ্য, বিনিয়োগ, দক্ষতা বিকাশ, উদ্ভাৱন আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশ আলোচনা কৰা হয়।
বৈঠকৰ পিছতে সামাজিক মাধ্যম এক্সত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাষ্ট্ৰদূত জিন-এৰিক পাকেই আলোচনাক ফলপ্ৰসূ বুলি অভিহিত কৰে। তেওঁৰ মতে, ভাৰত-ইউৰোপীয় সংঘৰ প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নতুন নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব (India EU Trade Agreement Assam)।
এই ক্ষেত্ৰত অসমৰ ‘ব্লু ভেলী’ পদক্ষেপক সহযোগিতাৰ প্ৰথমটো প্ৰকল্প হিচাপে উল্লেখ কৰে ৰাষ্ট্ৰদূতগৰাকীয়ে। আগন্তুক দিনত এই পদক্ষেপৰ জৰিয়তে দুয়ো পক্ষই একেলগে কাম কৰাৰ লগতে নতুন ক্ষেত্ৰত সহযোগিতাৰ পথ মুকলি কৰিব পাৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
আনহাতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমত বৈঠকৰ বিষয়ে সদৰী কৰে। তেওঁ কয় যে অসমৰ উন্নয়নৰ অগ্ৰাধিকাৰসমূহৰ সৈতে সংগতি ৰাখি পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ত ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে আলোচনা কৰা হয়।
উল্লেখ্য যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তি সম্পন্ন কৰাৰ বাবে আলোচনা অব্যাহত আছে। এই চুক্তি বাস্তৱায়িত হ’লে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত দুয়ো পক্ষৰ বাবে নতুন সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। অসমৰ বাবেও ইয়াৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ নতুন দুৱাৰ মুকলি হ’ব পাৰে।
লগতে পঢ়ক: মুম্বাইত শচীনৰ সৈতে ক্ৰিকেট খেলিলে ব্ৰিটেইনৰ ৰাজকুমাৰ-ৰাজকুমাৰীয়ে
