Voice of Eastern India

Assam HSLC HS Exam Routine 2027: ঘোষণা হ’ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়সূচী


Assam HSLC HS Exam Routine 2027: ঘোষণা হ’ল ২০২৭ৰ মেট্ৰিক-উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী, কেতিয়াৰ পৰা আৰম্ভ পৰীক্ষা?

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (ASSEB)য়ে ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। সেই অনুসৰি, ২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব মেট্ৰিক পৰীক্ষা। ১২ মাৰ্চৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। ৫ এপ্ৰিলত অন্ত পৰিব এই পৰীক্ষা। আনহাতে ১৬ মাৰ্চত সমাপ্ত হ’ব মেট্ৰিক পৰীক্ষা।

পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। ঐচ্ছিক হিন্দী বিষয়েৰে আৰম্ভ হব এইবাৰৰ মেট্ৰিক পৰীক্ষা (Assam HSLC HS Exam Routine 2027)।  

মেট্ৰিক পৰীক্ষাৰ সময়সূচী

এইবাৰ পুৱা আৰু বিয়লিৰ দুটা ভাগত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ। পুৱাৰ ভাগৰ পৰীক্ষা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে বিয়লিৰ ভাগৰ পৰীক্ষা হ’ব ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ (Assam HS Exam Routine 2027)।

ইংৰাজী বিষয়ৰ পৰীক্ষাৰে আৰম্ভ হ’ব এইবাৰৰ পৰীক্ষা। ১২ মাৰ্চত ইংৰাজী, ১৩ মাৰ্চত এণ্টাৰপ্ৰিনিউৰশ্বিপ ডেভেলপমেণ্ট আৰু ১৫ মাৰ্চত আধুনিক ভাৰতীয় ভাষা (MIL) অথবা বিকল্প ইংৰাজীৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

আনহাতে, পৰীক্ষাৰ সময়সূচীত অৰ্থনীতি, ব্যৱসায় অধ্যয়ন, গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান, হিচাপবিজ্ঞান, ৰাজনীতি বিজ্ঞান, ভূগোল, মনোবিজ্ঞান, সমাজবিজ্ঞান, পৰিসংখ্যা, কম্পিউটাৰ বিজ্ঞান, মাল্টিমিডিয়া এণ্ড ৱেব টেকন’লজী আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হৈছে।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী

ব্যৱহাৰিক পৰীক্ষাৰ দিনো ঘোষণা

লিখিত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্তৰ বৰ্ষৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচীও প্ৰকাশ কৰিছে পৰিষদে। ৫০ নম্বৰৰ বৃত্তিমূলক বিষয়ৰ ব্যৱহাৰিক পৰীক্ষা ২০২৭ চনৰ ১৮ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব। একেদৰে, ৩০ নম্বৰৰ ব্যৱহাৰিক পৰীক্ষা ২৭ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰা হ’ব।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই পৰীক্ষাৰ সময়সূচী সদৰী কৰিছে। পৰীক্ষাৰ্থীসকলক বিষয় অনুসৰি পৰীক্ষাৰ তাৰিখ আৰু অন্যান্য নিৰ্দেশনাৰ বাবে পৰিষদৰ প্ৰকাশিত আনুষ্ঠানিক সময়সূচী চাবলৈ আহ্বান জনোৱা হৈছে (Assam HSLC Exam Routine 2027)।

লগতে পঢ়ক: Assam teacher mobile phone restriction: শিক্ষকসকলৰ বাবে কঠোৰ নিৰ্দেশনা! উলংঘা কৰিলেই গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা



Source link

Leave A Reply

Your email address will not be published.