Voice of Eastern India

Assam Road Accident: ৰাজ্যত পথ দুৰ্ঘটনাৰ উদ্বেগজনক ছবি! ১৫% বৃদ্ধিৰ পাছতে কঠোৰ অভিযান


Assam Road Accident: সন্ধিয়া ৬ বজাৰ পৰা নিশা ৯ বজালৈ সৰ্বাধিক দুৰ্ঘটনা, অসমত নতুন নিৰ্দেশনা চৰকাৰৰ।

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে চৰকাৰ। দুৰ্ঘটনা ৰোধ কৰাৰ লগতে পথ সুৰক্ষা নিশ্চিত কৰিবলৈ এইবাৰ ৰাজ্যজুৰি বিশেষ তালাচী অভিযান তীব্ৰতৰ কৰিছে পৰিবহণ বিভাগ আৰু অসম আৰক্ষীয়ে। ১৮ নৱেম্বৰত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam Road Accident)।

এই অভিযানত বিশেষকৈ বাহনৰ নথি-পত্ৰ আৰু ফিটনেছ পৰীক্ষা, সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে যান-বাহন আইন উলংঘা কৰা লোকৰ ওপৰত নজৰ দিয়া হৈছে।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ ২৫ শতাংশই সন্ধিয়া ৬ বজাৰ পৰা নিশা ৯ বজাৰ ভিতৰত ঘটে। এই সময়ছোৱাত দুৰ্ঘটনাৰ আশংকা অধিক হোৱাৰ বাবেই আৰক্ষী আৰু পৰিবহণ বিভাগৰ তৎপৰতা বৃদ্ধি কৰা হৈছে (Road Accident Increase in Assam)।

বিগত কেইটামান দিনত অসমৰ বিভিন্ন পথত আৰক্ষী আৰু পৰিবহণ বিভাগৰ ব্যাপক তালাচী বহুতে লক্ষ্য কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাই এই অভিযানৰ মূল লক্ষ্য। পথত চলাচল কৰা প্ৰতিখন বাহন যাতে উপযুক্ত অৱস্থাত থাকে, চালকসকল যাতে সুৰাপান নকৰাকৈ বাহন চলায় আৰু পথসমূহ যাতে সকলোৰে বাবে সুৰক্ষিত হয়, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰীৰ মতে, এই বিশেষ অভিযান ২০২৭ চনৰ ১৫ জানুৱাৰীলৈকে চলিব। অভিযানৰ সময়সীমা শেষ হোৱাৰ পাছত ইয়াৰ ফলাফল পৰ্যালোচনা কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে।

ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা ১৫ শতাংশ বৃদ্ধিৰ তথ্যই পথ সুৰক্ষাক লৈ নতুনকৈ চিন্তাৰ সৃষ্টি কৰিছে। বিশেষকৈ সন্ধিয়াৰ সময়ছোৱাত অধিক সতৰ্কতা অৱলম্বন আৰু যান-বাহন আইন কঠোৰভাৱে বলৱৎ কৰাত এতিয়া গুৰুত্ব দিছে ৰাজ্য চৰকাৰে।

লগতে পঢ়ক: Zubeen Garg Birthday: ‘প্ৰতিটো প্ৰজন্মৰ হৃদয়ত জীয়াই থাকিব জুবিন’, জন্মদিনত স্মৰণ মুখ্যমন্ত্ৰীৰ



Source link

Leave A Reply

Your email address will not be published.