Voice of Eastern India

Assam Road Accident: কাজিৰঙাৰ পিছত এইবাৰ সোণাৰিৰ বৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা


Assam Road Accident: সামগ্ৰী কঢ়িওৱা বাহনত মানুহক লৈ কৰিছিল বিপজ্জনক যাত্ৰা।

চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীৰে ভৰ্তি এখন টাটা এছ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা বৈদ্যুতিক খুঁটাত খুন্দা মৰাৰ ফলত কমেও ২১জন লোক আহত হয়। আহতসকলৰ ভিতৰত ১২জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে (Assam Road Accident)।

প্ৰাপ্ত তথ্য অনুসৰি, সামগ্ৰী পৰিবহণৰ বাবে ব্যৱহাৰ কৰা বাহনখনৰ পিছফালৰ মুকলি অংশত যাত্ৰী কঢ়িয়াই নিয়া হৈছিল। সেই অৱস্থাতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা বৈদ্যুতিক খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। খুন্দাৰ ফলত খুঁটাটোও চূৰ্ণ-বিচূৰ্ণ হৈ পৰে (Sonari Road Accident)।

দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ ৰাজাপুখুৰী জিলা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়খনত প্ৰাথমিক চিকিৎসাৰ অন্তত গুৰুতৰভাৱে আহত ১২জন লোকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (AMCH) প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক: এক্সন মুডত ৰাজ্য চৰকাৰ: যান-বাহন আইন উলংঘাকাৰীলৈ ১২ টাকৈ নিৰ্দেশনা



Source link

Leave A Reply

Your email address will not be published.