কাজিৰঙাৰ ৰঙাজানৰ পথ দুৰ্ঘটনাৰ পিছতে এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ। যান-বাহন আইন উলংঘাকাৰীলৈ দিছে ১২ টাকৈ নিৰ্দেশনা।
কাজিৰঙাৰ দেশ কঁপোৱা পথ দুৰ্ঘটনাৰ পিছতে এতিয়া এক্সন মুডত ৰাজ্য চৰকাৰ। পথ দুৰ্ঘটনা ৰোধ আৰু পথ সুৰক্ষাক লৈ চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা প্ৰতিখন জিলাতে জিলা পৰ্যায়ৰ টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব। বিয়লি ৩ বজাৰ পৰা নিশা ৯ বজালৈ ৰাজপথত চলিব তালাচী অভিযান। সুৰাপায়ী আৰু দ্ৰুতবেগী চালকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।

কেৱল ইমানেই নহয় এতিয়াৰে পৰা ড্ৰাইভিং দক্ষতা থাকিলেহে লাভ কৰিব লাইচেঞ্চ। বাণিজ্যিক বাহনত থাকিব লাগিব স্পীড লিমিট ডিভাইচ। বাৰে বাৰে যান-বাহন আইন উলংঘা কৰিলে চালকৰ লাইচেঞ্চ বাতিল হোৱাৰ লগতে যান-বাহন আইন উলংঘা কৰিলেই ভৰিব লাগিব জৰিমনা। এই নিৰ্দেশনা অনুসৰি বাইক, স্কুটীত চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰিব লাগিব।
চৰকাৰৰ এই নিৰ্দেশনাৰ পিছতেই হোজাইৰ ৰাজপথত চলিছে তীব্ৰ অভিযান।তীব্ৰবেগী বাইক চালকৰ বিৰুদ্ধে ৰাজপথত অভিযান যান-বাহন আৰক্ষীৰ। হেলমেট পৰিধান নকৰা বাইক-স্কুটী আৰোহীৰ বিৰুদ্ধে চলিছে কঠোৰ অভিযান। এটা এটাকৈ আইন উলংঘাকাৰীক আটক যান-বাহন আৰক্ষীৰ।
লগতে পঢ়ক: ‘বিশেষভাৱে সম্পন্ন হ’ব ট্ৰেভেলাৰখনৰ চালকৰ মৰণোত্তৰ পৰীক্ষা’;মুখ্যমন্ত্ৰীৰ নিৰ্দেশ
