Voice of Eastern India

Dhubri Boat Accident: গোমা বতৰৰ মাজতে ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা


Dhubri Boat Accident: ব্ৰহ্মপুত্ৰত ড্ৰেজাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী নাও।

ধুবুৰী জিলাৰ চালাকুৰাৰ সমীপত সোমবাৰে দুপৰীয়া ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হয় এক নাও দুৰ্ঘটনা। যাত্ৰীবাহী এখন নাৱৰ সৈতে খননকাৰ্যত নিয়োজিত ড্ৰেজাৰৰ সংঘৰ্ষৰ ফলত এগৰাকী যাত্ৰী সামান্যভাৱে আহত হয় (Dhubri Boat Accident)।

জানিব পৰা মতে, ধুবুৰীৰ পৰা ফকিৰগঞ্জ অভিমুখে গৈ থকা নাওখনত মুঠ ৪৩গৰাকী যাত্ৰী আছিল। বাবৰ আলীৰ মালিকানাধীন নাওখন হঠাতে ড্ৰেজাৰখনত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

ঘটনাৰ পিছতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ধুবুৰী শাখাৰ বিষয়াসকলে নাওখন জব্দ কৰি নিজৰ জিম্মাত লয়। আনহাতে, এই ঘটনাৰ সন্দৰ্ভত বিভাগটোৰ ছেকচন বিষয়াই ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

ইতিমধ্যে আৰক্ষী আৰু জল পৰিবহণ বিভাগে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্তৰ প্ৰস্তুতি চলাইছে। নাওখনত যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো নিয়ম উলংঘা কৰা হৈছিল নেকি, সেই দিশো তদন্তৰ আওতালৈ আহিব।

লগতে পঢ়ক: Assam Road Accident: কাজিৰঙাৰ পিছত এইবাৰ সোণাৰিৰ বৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা



Source link

Leave A Reply

Your email address will not be published.