Voice of Eastern India

ৰঙিয়াত চাঞ্চল্য;  হোটেলৰ কোঠাত যুৱতীক হত্যা যুৱকৰ


ৰঙিয়া ষ্টেচনৰ সমীপৰ অতিথি হোটেলত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। যুৱতী গৰাকীৰ প্ৰেমিকে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ৰঙিয়াৰ এখন হোটেলত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ৰঙিয়া ষ্টেচনৰ সমীপৰ অতিথি হোটেলত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। যুৱতী গৰাকীৰ প্ৰেমিকে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।জানিব পৰা মতে হত্যাকাণ্ডৰ পাছতে অভিযুক্ত প্ৰেমিকে নিজেও চৰমপন্থা লোৱাৰ চেষ্টা চলাইছিল । যুৱক-যুৱতীদুগৰাকী একেখন হোটেলতে আছিল।

নিহত যুৱতীগৰাকী শোণিতপুৰ জিলাৰ মালা নী বুলি জানিব পৰা গৈছে। আনহাতে, যুৱকজনৰ নাম অভিজিৎ কিণ্ডু । এই ঘটনাৰ খবৰ পোৱাৰ পিছতেই হোটেল খনত ৰঙিয়া আৰক্ষী উপস্থিত হৈ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।

প্ৰেমজনিত কাৰণতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

লগতে পঢ়ক: বিহাৰত ভয়ংকৰ ঘটনা: খহি পৰিল ৬ লেনযুক্ত নিৰ্মীয়মান দলং



Source link

Leave A Reply

Your email address will not be published.