কৰিমগঞ্জৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ছিদ্দিক আহমেদৰ দেহাৱসান। বাৰইগ্ৰামৰ নিজ বাসগৃহত আজি পুৱা ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে ছিদ্দিক আহমেদে।
প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ছিদ্দিক আহমেদৰ দেহাৱসান। দীৰ্ঘদিনধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী। বাৰইগ্ৰামৰ নিজ বাসগৃহত আজি পুৱা ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে ছিদ্দিক আহমেদে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ। দক্ষিণ কৰিমগঞ্জৰ কংগ্ৰেছৰ বিধায়কৰ লগতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ছিদ্দিক আহমেদে।৪ বাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল ছিদ্দিক আহমেদ । ছিদ্দিক আহমেদৰ মৃত্যুৰ পিছতে ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে।
লগতে পঢ়ক: চৰাইদেউৰ,শিৱসাগৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা!
