অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদক শোক প্রকাশ কৰাৰ লগতে তেওঁলোকৰ দীৰ্ঘদিনীয়া সংগক সোঁৱৰাই দিয়ে ৷ আহমেদৰ মৃত্যুত শ্ৰীভূমিৰ সামাজিক জীৱন আৰু অসমৰ প্ৰশাসনিক মহলত এক শূন্যতা ৰৈ গৈছে বুলিও তেওঁ কয়।
অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৩ ছেপ্টেম্বৰত ৰাজ্যখনৰ প্ৰাক্তন মন্ত্রী ছিদ্দিক আহমেদৰ বিয়োগত শোক প্ৰকাশ কৰে। জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীৰ সৈতে থকা দীঘলীয়া সম্পৰ্কৰ কথা সোঁৱৰণ কৰি তেওঁ কয় যে তেওঁলোকৰ এই সম্পৰ্ক ৰাজনৈতিক মতভেদৰ উৰ্ধত আছিল।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে আহমেদক তেওঁৰ “বহু বছৰৰ প্ৰিয় সতীৰ্থ” বুলি অভিহিত কৰে আৰু কয় যে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে সদায় তেওঁৰ সমষ্টিবাসীৰ কল্যাণক অগ্ৰাধিকাৰ দিছিল। মুখ্যমন্ত্রীগৰাকীয়ে কয়, “এজন বিধায়ক হিচাপে তেওঁ সদায় নিজৰ সমষ্টিৰ ৰাইজৰ কল্যাণক অগ্ৰাধিকাৰ দিছিল আৰু এজন মন্ত্ৰী হিচাপেও তেওঁক অৰ্পণ কৰা বিভাগসমূহ অত্যন্ত গুৰুত্বসহকাৰে চলাইছিল।”
মুখ্যমন্ত্ৰীগৰাকীয়ে ছিদ্দিক আহমেদৰ ব্যক্তিগত গুণৰ ওপৰতো আলোকপাত কৰি তেওঁক “এজন মহান মানুহ” বুলি বৰ্ণনা কৰে, যিয়ে সম্পৰ্কক মূল্যায়ন কৰিছিল আৰু আনৰ প্ৰতি সমবেদনাশীল আছিল।
মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মন্ত্ৰী গৰাকী তেওঁলোকৰ ৰাজনৈতিক জীৱনৰ বেছিভাগ সময় ভিন ভিন ৰাজনৈতিক দলৰ সৈতে জড়িত আছিল। তথাপিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে “আমি বিভিন্ন ৰাজনৈতিক দলৰ হ’লেও বা ৰাজনৈতিক মতভেদ থাকিলেও আমাৰ সম্পৰ্ক ৰাজনীতিৰ উৰ্ধত আছিল” । লগতে তেওঁ যোগ কৰে যে দুয়োগৰাকী “জীৱনৰ কঠিন পৰ্যায়সমূহ একেলগে অতিক্ৰম কৰা সহযাত্ৰী” আছিল।
তেওঁৰ মৃত্যুক সোঁৱৰণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আহমেদৰ অনুপস্থিতি কেৱল ৰাজনীতিতেই নহয়, সকলোতে অনুভৱ হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “তেওঁৰ বিয়োগে কেৱল শ্ৰীভূমিৰ সামাজিক জীৱনতেই নহয়, অসমৰ প্ৰশাসনিক মহলতো এক শূন্যতাৰ সৃষ্টি কৰিলে।”
কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজ দিয়াৰ পিছত দেওবাৰে ৬৪ বছৰ বয়সত বৰাইগ্ৰামস্থিত বাসগৃহত ছিদ্দিক আহমেদৰ মৃত্যু হয়। তেওঁ কিছু সময় ধৰি এই ৰোগৰ চিকিৎসা গ্ৰহণ কৰি আছিল।
লগতে পঢ়ক: ব্ৰিকছ ঘোষণাপত্ৰত গুৱাহাটীৰ উল্লেখক আদৰণি মুখ্যমন্ত্ৰীৰ
