Voice of Eastern India

ভূমিস্খলনত একে পৰিয়ালৰে তিনিগৰাকীৰ সৈতে কৰুণ ঘটনা


ধাৰাষাৰ বৰষুণৰ মাজতে মহানগৰীৰ তিনিটাকৈ স্থানত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ঘটনাত একে পৰিয়ালৰে তিনিগৰাকীৰ কৰুণ মৃত্যু।

অব্যাহত থকা ধৰাষাৰ বৰষুণৰ মাজতে মঙলবাৰে গুৱাহটীত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলৰ ঘটনা। এই ঘটনাত একে পৰিয়ালৰে তিনিগৰাকীকৈ লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ মঠঘৰীয়া অঞ্চলত সংঘটিত হয় এই কৰুণ ঘটনা (Guwahati landslide)।

নিহত লোককেইজন পিতৃ নগেন ৰাজবংশী, মাতৃ চুনু ৰাজবংশী আৰু কন্যা মিনা ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে। সৌভাগ্যক্ৰমে এই ঘটনাত পৰিয়ালটোৰ পুত্ৰ সন্তানটিৰ প্ৰাণৰক্ষা পৰে। ভূমিসংস্খলনৰ ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ পৰিছি যদিও তেওঁক জীৱন্তে উদ্ধাৰ কৰা হয় (Guwahati Rain)।

গুৱাহাটীত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ মাজতে এই শোকাৱহ ঘটনা সংঘটিত হয়। বৰষুণৰ ফলত দুৰ্বল তথা ভূমিস্খলন প্ৰৱণ অঞ্চলসমূহত ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে। ঘটনাস্থলীত উদ্ধাৰকাৰী দল আৰু স্থানীয় প্ৰশাসনৰ লোক উপস্থিত হৈ ধ্বংসাৱশেষ আঁতৰোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ বাবে উদ্ধাৰ অভিযান চলায়।

ইফালে গুৱাহাটীৰ সাতগাঁও তালতলা আৰু আঠগাঁৱতো সংঘটিত হয় ভৃমিস্খলনৰ ঘটনা। জানিব পৰা মতে তালতলাত পাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি এজন লোকৰ মৃত্যু হৈছে। আঁঠগাঁৱতো ভয়ংকৰ  ভৃমিস্খলনত এগৰাকী মহিলা থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে।

আনহাতে মঙলবাৰৰ পুৱতি নিশাৰ পৰাই অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীৰ কেইবাটাও অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। ইয়াৰ ফলত স্বাভাৱিক জনজীৱন ব্যাহত হোৱাৰ লগতে যাতায়াত ব্যৱস্থাতো ব্যাপক সমস্যাৰ সৃষ্টি হৈছে (Guwahati artificial flood)।

লগতে পঢ়ক: ৪ ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ’ব মুষলধাৰ বৰষুণ



Source link

Leave A Reply

Your email address will not be published.