ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশীৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে এটা ভাল খবৰ। পুনৰ অসম আৰক্ষীত ১৫-২০ হাজাৰ যুৱক-যুৱতীক দিয়া হ’ব নিযুক্তি।
অসমৰ লাখ লাখ নিবনুৱাসকলৰ বাবে ৰাজ্য চৰকাৰে আনিছে ভাল খবৰ। পুনৰ ২ লাখ চাকৰি দিয়া হ’ব নিযুক্তি। দেৰগাঁৱত অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, চৰকাৰৰ ৫ টা বছৰৰ কাৰ্যকালত ২ লাখ চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব। অসম আৰক্ষীটো নতুনকৈ ১৫-২০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ চৰকাৰে লক্ষ্য লৈছে। SDRF ৰো খালী হৈ থকা পদত নিযুক্তি দিয়া হ’ব।
লগতে পঢ়ক: ‘এটা যুগৰ অন্ত’: মেছিৰ অৱসৰত আৱেগিক হিমন্ত বিশ্ব শৰ্মা
