Voice of Eastern India

ক্ষেত্ৰীত পুনৰ সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা


৩০ আগষ্টৰ শোকাৱহ দুৰ্ঘটনাৰ উত্তেজনা মাৰ নাযাওতেই মঙলবাৰে ক্ষেত্ৰীত সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা

৩০ আগষ্ট, দেওবাৰে ক্ষেত্ৰীত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাৰ উত্তেজনা মাৰ নাযাওঁতেই মঙলবাৰে পুনৰ সংঘটিত হয় আন এক ভয়ংকৰ ঘটনা। ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনাটো (Khetri bus accident)।

গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখী এখন বাছ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ক্ষতিগ্ৰস্ত অংশত দুৰ্ঘটনাত পতিত হয়। চালকে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুওৱাত বাছখন পথৰ কাষতে বাগৰি পৰে। ঘটনাত কেইবাগৰাকীও যাত্ৰীৰ কথমপি প্ৰাণৰক্ষা পৰে। ঘটনাক কেন্দ্ৰ কৰি যাত্ৰীসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ক্ষেত্ৰীৰ উলনিত সংঘটিত হয় এই পথ দুৰ্ঘটনা (Assam road accident)।

উল্লেখ্য যে, ৩০ আগষ্টত খেত্ৰী-নলগেদেৰা অঞ্চলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ এদিন পিছতে এই ঘটনা সংঘটিত হৈছে। ৩০ আগষ্টৰ সেই দুৰ্ঘটনাত যাত্ৰীবাহী এখন বাহনে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত মুখামুখিকৈ খুন্দা মৰাৰ ফলত ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩জন লোক আহত হৈছিল (Khetri accident)।

গুৱাহাটীৰ অভিমুখে গৈ থকা ট্ৰেভেলাৰখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত বাহনখন ঘাইপথৰ ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত খুন্দা মাৰে আৰু এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। সোমবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক: সোণাপুৰত ভয়াৱহ পথ দুৰ্ঘটনা, উত্তপ্ত পৰিস্থিতি



Source link

Leave A Reply

Your email address will not be published.