Voice of Eastern India

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ


ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত বৃহৎ পদক্ষেপ, ৩৫ কোটি টকাৰে নিৰ্মাণ হ’ব বিশেষ সংগ্ৰহালয়

আজি ৰাজ্যজুৰি পালন কৰা হৈছে ‘সুধাকণ্ঠ’ৰ এশ সংখ্যক জন্ম জয়ন্তী। ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিংবদন্তি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰে (Bhupen Hazarika Birth Centenary)।

মুখ্যমন্ত্ৰী শৰ্মাই জালুকবাৰীৰ ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত ‘সুধাকণ্ঠ’ৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তেওঁ বৰেণ্য অসমীয়াগৰাকীৰ অসাধাৰণ জীৱন আৰু অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ কথা স্মৰণ কৰে (Bhupen Hazarika Museum)।

এই উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ হ’বলগীয়া নতুন ড০ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে। প্ৰায় ৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই সংগ্ৰহালয়টো ড০ ভূপেন হাজৰিকাৰ জীৱন, কৰ্ম আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ তথা প্ৰদৰ্শনৰ বাবে এক বিশেষ স্থান হিচাপে গঢ়ি তোলা হ’ব (Srimanta Sankardev Kalakshetra)।

ভাৰ্চুৱেলী আধাৰশিলা স্থাপন অনুষ্ঠানৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই জনসাধাৰণক ড০ ভূপেন হাজৰিকাৰ সৈতে জড়িত স্মাৰক আৰু সামগ্ৰী প্ৰস্তাৱিত সংগ্ৰহালয়লৈ আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ জৰিয়তে কিংবদন্তি শিল্পীগৰাকীৰ সৈতে জড়িত সামগ্ৰীসমূহ সংৰক্ষণ কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুলভ কৰি তোলাৰ ব্যৱস্থা কৰা হ’ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ যুৱ সমাজকো ড০ ভূপেন হাজৰিকাৰ জীৱন, আদৰ্শ আৰু অৱদানক লৈ ইনষ্টা-ৰীল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। নিজৰ সৃষ্টিশীলতা আৰু অনন্য প্ৰকাশভংগীৰ জৰিয়তে ‘সুধাকণ্ঠ’ৰ জীৱন-দৰ্শন নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ তেওঁ যুৱক-যুৱতীসকলক উৎসাহিত কৰে।

লগতে পঢ়ক: সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকী: প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ স্মৰণ



Source link

Leave A Reply

Your email address will not be published.