Voice of Eastern India

মেট্ৰিক আৰু HS চূড়ান্ত পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত!


মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচীক লৈ ডাঙৰ আপডেট-

পুনৰ নিৰ্ধাৰণ কৰা হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী। পূৰ্বৰ সময়সূচী মতে অনুষ্ঠিত নহয় এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা (Assam Board Exam 2027)।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড (ASSEB), ডিভিজন-I (পূৰ্বৰ SEBA)-এ ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ সংঘটিত হোৱা ভয়াৱহ বানপানী আৰু সমগ্ৰ ৰাজ্যতে চলি থকা লোকপিয়লৰ কাম-কাজৰ পৰিপ্ৰেক্ষিতত দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়া পাঠদানৰ সময়সীমা বৃদ্ধি কৰিছে (Assam HSLC Exam 2027)।

৮ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ব’ৰ্ডে জাৰি কৰা এক জাননী অনুসৰি, দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান ২২ ফেব্ৰুৱাৰী, ২০২৭ পৰ্যন্ত চলিব। আনহাতে, দ্বাদশ শ্ৰেণীৰ পাঠদান ৮ মাৰ্চ, ২০২৭ পৰ্যন্ত চলিব। নিৰ্ধাৰিত পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (Assam HS Exam 2027)।

ব’ৰ্ডে জানিবলৈ দিয়া মতে, শেহতীয়া বানপানী আৰু চলি থকা লোকপিয়লৰ কাম-কাজৰ ফলত শৈক্ষিক সময়সূচী ব্যাহত হৈছে। ইয়াৰ ফলত ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত দশম শ্ৰেণীৰ পাঠ্যক্ৰম আৰু ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম সম্পূৰ্ণ নোহোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে।

জাননীখনত কোৱা হৈছে, “সেয়েহে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান ২২ ফেব্ৰুৱাৰী, ২০২৭ পৰ্যন্ত আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদান ৮ মাৰ্চ, ২০২৭ পৰ্যন্ত চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।”

ব’ৰ্ডে লগতে স্পষ্ট কৰি দিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী এই অনুসৰি নিৰ্ধাৰণ কৰা হ’ব। পৰীক্ষাৰ সময়সূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বৃদ্ধি কৰা পাঠদানৰ সময়সীমা বিবেচনা কৰা হ’ব।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ ডিভিজন-Iৰ সচিবে এই জাননী জাৰি কৰে। জাননীখন প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে শিক্ষামন্ত্ৰীৰ কাৰ্যালয়, বিদ্যালয় শিক্ষা বিভাগ, মাধ্যমিক শিক্ষা সঞ্চালকালয়, বিদ্যালয়সমূহৰ পৰিদৰ্শক, পৰীক্ষা নিয়ন্ত্ৰক আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকললৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন



Source link

Leave A Reply

Your email address will not be published.