গুৱাহাটীত নৃশংস হত্যাকাণ্ড! ফ্ৰীজৰ ভিতৰত উদ্ধাৰ মহিলাৰ কটা মূৰ
গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। সোমবাৰ পুৱা মহানগৰীৰ বেলতলা অঞ্চলৰ বশিষ্ঠপুৰৰ এটা ঘৰৰ পৰা এগৰাকী মহিলাৰ ছিন্ন মুণ্ড উদ্ধাৰৰ ঘটনাই কঁপাই তুলিছে ৰাজ্য। নিহত মহিলাগৰাকী ৰিয়া তালুকদাৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। পেছাত কেব চালক মহিলাগৰাকীৰ স্বামী ৰামানুজান গোস্বামীক এই ঘটনাৰ প্ৰধান অভিযুক্ত বুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Guwahati Murder Case)।
বশিষ্ঠপুৰৰ ৪ নম্বৰ বাই-লেনৰ অঞ্জলি গৃহত এই নৃশংস ঘটনাটো সংঘটিত হৈছে। প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে শনিবাৰ দুপৰীয়াৰ মাজভাগত তীব্ৰ কাজিয়াৰ সূত্ৰপাত হৈছিল। ইয়াৰ পাছত সেই ঘৰৰ পৰা প্ৰতিবেশীসকলে চিঞৰ আৰু কান্দোনৰ শব্দ শুনা বুলি জানিব পৰা গৈছে (Guwahati Crime News)।
ইয়াৰ পাছত ঘৰটোৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰাত বিষয়টো পোহৰলৈ আহে। খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু ফৰেনছিক দল। ঘৰৰ এটা ফ্ৰিজৰ পৰা ৰিয়াৰ ছিন্ন মুণ্ড উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে দাবী কৰিছে। তেওঁৰ হাতৰ কেইবাটাও আঙুলি কাটি পেলোৱা হৈ থাকিব পাৰে বুলি তদন্তকাৰীসকলৰ প্ৰাথমিক সন্দেহ কৰিছে (Assam Crime News)।
ঘটনা সংঘটিত কৰাৰ পিছতে পলায়ন কৰা ৰামানুজন গোস্বামীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নিশা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাতীগাঁও আৰক্ষীক গতাই দিয়ে ৰামানুজনক। জানিব পৰা মতে ড্ৰাগছ আসক্ত আছিল অভিযুক্ত স্বামী ৰামানুজন গোস্বামী। বিগত ৩ মাহ ধৰি ৰিহাব চেন্টাৰত আছিল ৰামানুজন। ৬ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ৰিয়া-ৰামানুজন।
নিহত ৰিয়া তালুকদাৰ ফাঁচি বজাৰৰ এখন বুটিকত কাম কৰে বুলি জানিব পৰা গৈছে। আনহাতে, গোস্বামী মূলতঃ গৌৰীপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
ঘটনাৰ পাছত সমগ্ৰ বিষয়টোৰ বিস্তৃত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ফৰেনছিক বিশেষজ্ঞসকলে ঘটনাস্থলীৰ পৰা পোৱা বিভিন্ন নমুনা আৰু প্ৰমাণ পৰীক্ষা কৰিছে। ঘটনাৰ ধাৰাবাহিকতা আৰু হত্যাৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত অব্যাহত আছে।
লগতে পঢ়ক: মহানগৰীত বিধ্বংসী অগ্নিকাণ্ডত হাহাকাৰ
