Voice of Eastern India

মুছলমানৰ শত্ৰু বুলি ৰকিবুল হুছেইন, গৌৰৱ গগৈক পহুখেদা


সংখ্যালঘু জনতাৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইন

ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত ক্ৰমে ভেটি হেৰুৱাইছে নেকি শতিকা পুৰণি কংগ্ৰেছ দলে। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত হাহাকাৰ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পূৰ্বে এইবাৰ সংখ্যালঘু জনতাৰ ৰোষত পৰিল স্বয়ং প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইন (Nagaon Lok Sabha By Election)।

এসময়ৰ কংগ্ৰেছৰ শক্তিশালী ভেটি হিচাবে পৰিচিত নগাঁৱ লোকসভা সমষ্টিত ক্ষোভৰ সন্মুখীন হৈছে কংগ্ৰেছৰ দুই শীৰ্ষ নেতা। ৰহা সমষ্টিৰ অন্তৰ্গত শালমৰাৰ নতুন বজাৰ অঞ্চলত সংখ্যালঘু লোকৰ ক্ষোভৰ সন্মুখীন হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু দলটোৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰকিবুল হুছেইন। ক’লা পতাকা দেখুৱাই শ শ সংখ্যালঘু লোকে পহুখেদা দিয়ে দুয়োগৰাকী কংগ্ৰেছী নেতাক (Assam By Election 2026)।

‘মুছলমানৰ শত্ৰু’ আখ্যা দি গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠে প্ৰতিবাদী লোকসকল। ‘কংগ্ৰেছৰ দালালি নচলিব’ বুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ‘মুছলমানৰ দুছমন ওলাই যা’ বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে (Gaurav Gogoi Protest)।

৭ ছেপ্টেম্বৰত নিৰ্বাচন আয়োগে লোকসভা সমষ্টিটোৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছদিনাই প্ৰতিবাদৰ সন্মুখীন হোৱাত শলঠেকত পৰিছে কংগ্ৰেছ দল।

লগতে পঢ়ক: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা



Source link

Leave A Reply

Your email address will not be published.