Voice of Eastern India

মন্ত্ৰী নীলিমা দেৱীক সম্বৰ্ধনা জ্ঞাপন

সংস্কৃত ভাষাত শপত গ্ৰহণ বিধায়কক সন্মান দিছপুৰত

সংস্কৃত ভাষাত শপত গ্ৰহণ কৰা বিধায়কক সম্বৰ্ধনা
এবিক্কে কামৰূপ, দিছপুৰ, ৭ জুলাই: সংস্কৃত ভাষা ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা। যুগে যুগে এই ভাষাই জ্ঞান,দৰ্শন,বিজ্ঞান,সাহিত্য আৰু আধ্যাত্মিক চিন্তাধাৰাক সমৃদ্ধ কৰি আহিছে। সংস্কৃত ভাষাৰ সংৰক্ষণ, প্ৰচাৰ আৰু জনসাধাৰণৰ মাজত ইয়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ উদ্দেশ্যে সংস্কৃত ভাষাত শপত গ্ৰহণ কৰা সন্মানীয় বিধায়কসকললৈ সংস্কৃত ভাৰতী,উত্তৰ অসম প্ৰান্তৰ তৰফৰ পৰা আয়োজিত “বিশেষ সম্বদ্ধৰ্না অনুষ্ঠান”ত উপস্থিত অসম চৰকাৰৰ মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱী। অনুষ্ঠানত উপস্থিত বিশিষ্ট অতিথি, বিধায়কসকল, শিক্ষাবিদ,সংস্কৃতপ্ৰেমী ব্যক্তি আৰু সমাজৰ বিভিন্ন স্তৰৰ গণ্যমান্য লোকসকলৰ মূল্যৱান বক্তব্যই সংস্কৃত ভাষাৰ ঐতিহ্য, প্ৰাসংগিকতা আৰু ভৱিষ্যৎ প্ৰজন্মৰ মাজত ইয়াৰ প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।
এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাস, সাংসদ তথা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ কাৰ্যবাহী খগেন শইকীয়া, সংস্কৃত ভাৰতী, উত্তৰ অসম প্ৰান্তৰ সভানেত্ৰী অধ্যাপিকা ড° সুদেষ্ণা ভট্টাচাৰ্য, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচ্য অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° প্ৰহ্লাদ যোশী, সংস্কৃত ভাৰতীৰ সাধাৰণ সম্পাদক পংকজ শৰ্মা, অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, বিমল বড়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Leave A Reply

Your email address will not be published.