Voice of Eastern India

ঢোলে-দগৰে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ মনোনয়ন দাখিল


নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন আছিল।ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দাখিল কৰিলে মনোনয়ন পত্ৰ।

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দাখিল কৰিলে মনোনয়ন পত্ৰ। হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন দাখিল প্ৰাৰ্থীগৰাকীৰ। মনোনয়ন পত্ৰ দাখিলৰ সময়ত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতি আছিল। মনোনয়ন দাখিলৰ পূৰ্বে ঢোল বজাই, বিহু গাই আনন্দ উল্লাস বিজেপিৰ।

মনোনয়ন পত্ৰ দাখিল পূৰ্বে দেৱাশীষ শৰ্মাই কয় যে,মোৰ বাবে আজি এক গুৰুত্বপূৰ্ণ গৌৰৱৰ দিন, আবেগিক পৰিৱেশ।মানুহৰ ভাগ্য সলনি হৈ থাকে। এটা সময়ত মই মনোনয়ন লৈছিলো, আজি মই মনোনয়ন পত্ৰ দাখিল কৰিছো। নিৰ্বাচনক লৈ আমি সম্পূৰ্ণভাৱে প্ৰস্তুত আৰু আশাবাদী।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে আমি জিকিবলৈ নিৰ্বাচন খেলিছো আৰু আমি জিকিম।

তেওঁ লগতে কয় যে, ভাৰতীয় জনতা পাৰ্টি কেতিয়াও ব্যক্তিকেন্দ্ৰিক নহয়।সকলোৱে উন্নয়ন আৰু পৰিৱৰ্তন বিচাৰিছে। সেইটো কথা স্পষ্টকৈ ওলাই পৰিছে। উন্নতি, উন্নয়ন যদি বৰ্তমান সময়ত লাগে, তেন্তে বিজেপি চৰকাৰে তাক আনিব পাৰিব। সেই কাৰণে মোৰ দৃঢ় বিশ্বাস যে, ৰাইজে জানে ঢৌ কোন ফালে বৈ গৈছে।সেই ঢৌ অনুসৰিয়েই ৰাইজে সিদ্ধান্ত ল’ব বুলি মই বিশ্বাসী।   

তেওঁ লগতে কয় যে, বদৰুদ্দিন আজমল ডাঙৰীয়া যথেষ্ট অভিজ্ঞ ব্যক্তি।সেয়েহে এআইইউডিএফ এ বহু ভাবি-চিন্তি তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিছে।মই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগতে শিৱামণি বৰা বাইদেউলৈও শুভেচ্ছা জনালো।   

লগতে পঢ়ক: ‘সাংসদ হৈ কি ক’ব শিৱামণি বৰাই, ইংৰাজী, হিন্দী একো নাজানে?’; শ্বেৰমান আলী আহমেদৰ কটাক্ষ 



Source link

Leave A Reply

Your email address will not be published.