Voice of Eastern India

Guwahati Swachh City Award: স্বচ্ছতাৰ ক্ষেত্ৰত গুৱাহাটীৰ নতুন কৃতিত্ব, অসমৰ প্ৰথম ‘স্বচ্ছ চহৰ’ৰ স্বীকৃতি


Guwahati Swachh City Award: স্বচ্ছতাৰ দৌৰত অসমৰ ভিতৰত শীৰ্ষত গুৱাহাটী, লাভ কৰিলে ৰাষ্ট্ৰীয় স্বীকৃতি।

গুৱাহাটীৰ বাবে এক বিশেষ সন্মান। কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ সৰ্বেক্ষণ ২০২৫-২৬ৰ সমীক্ষাত অসমৰ ভিতৰত প্ৰথমখন ‘স্বচ্ছ চহৰ’ হিচাপে স্বীকৃতি লাভ কৰিছে ৰাজ্যৰ ৰাজধানী গুৱাহাটীয়ে। বুধবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে অসমৰ প্ৰতিনিধি দলে (Guwahati Swachh City Award)।

গুৱাহাটীৰ হৈ বঁটা গ্ৰহণ কৰে নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায় আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই।

এই সাফল্যক লৈ সামাজিক মাধ্যমত নিজৰ অনুভৱ প্ৰকাশ কৰে মন্ত্ৰী কৌশিক ৰায়ে। গুৱাহাটীয়ে অসমৰ প্ৰথমখন ‘স্বচ্ছ চহৰ’ হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাটো গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি তেওঁ এই সফলতাৰ বাবে চহৰখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কামত জড়িত সকলোকে ধন্যবাদ জনায় (Assam’s first Swachh City)।

বিশেষকৈ চাফাই কৰ্মীসকলৰ লগতে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়া-কৰ্মচাৰী, বিভিন্ন বিভাগ আৰু গুৱাহাটীৰ নাগৰিকসকলৰ অৱদানৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা আৰু ৰাজ্য চৰকাৰৰ সহযোগিতাৰে গ্ৰহণ কৰা সামূহিক প্ৰচেষ্টাৰ এয়া এক স্বীকৃতি।

বঁটা গ্ৰহণ কৰা প্ৰতিনিধি দলটোত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত তথা সচিব কবিতা পদ্মনাভন আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় ফুকনো উপস্থিত আছিল।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰতি বছৰে দেশৰ চহৰসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মূল্যায়নৰ বাবে স্বচ্ছ সৰ্বেক্ষণ অনুষ্ঠিত কৰে। এইবাৰৰ সমীক্ষা আছিল ইয়াৰ দশম সংস্কৰণ।

ইয়াৰ পূৰ্বে ২০২৫ চনৰ জুলাই মাহত প্ৰকাশিত সমীক্ষাত গুৱাহাটী আৰু উত্তৰ লখিমপুৰে অসমৰ ‘প্ৰমিছিং স্বচ্ছ চহৰ’ৰ স্বীকৃতি লাভ কৰিছিল। সেই স্বীকৃতিৰ পাছত এইবাৰ অসমৰ প্ৰথম ‘স্বচ্ছ চহৰ’ হিচাপে গুৱাহাটীৰ নাম অন্তৰ্ভুক্ত হোৱাটো চহৰখনৰ বাবে এক উল্লেখযোগ্য সাফল্য (Guwahati Swachh City Award:)।

লগতে পঢ়ক: Assam Weather Update: ৰাজ্যত প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী, IMD-ৰ সতৰ্কবাণী



Source link

Leave A Reply

Your email address will not be published.