নগাঁৱৰ লোকসভাৰ উপ-নিৰ্বাচনক লৈ তৎপৰ হৈছে সকলো দল।লোকসভাৰ উপ-নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। মনোনয় পত্ৰ দাখিলৰ পূৰ্বে বদৰুদ্দিন আজমলে এক ডাঙৰ মন্তব্য কৰিছে।
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে এক ডাঙৰ মন্তব্য কৰিছে। বদৰুদ্দিন আজমলে কৈছে যে, মই আশা কৰিছো নগাঁৱত মই জয় লাভ কৰাটো ১০০ শতাংশ খাটাং। কংগ্ৰেছৰ কোনো স্থান নাই। বিজেপিৰ লগত হে তুমুল যুঁজ হ’ব। অৱশ্যে কংগ্ৰেছ আৰু বিজেপি দুয়োটা প্ৰতিদ্বন্দীয়েই হিমন্ত বিশ্ব শৰ্মাই দিছে। আল্লাহে কৃপা কৰিলে আৰু ভোটাৰে যদি ভোট দিয়ে তেন্তে জয় লাভ কৰিম।
তেওঁ লগতে কয় যে, ৰাইজৰ পৰা যথেষ্ট সহাৰি পাইছো। যদি জয় লাভ কৰো তেন্তে কেৱল সংখ্যালঘুৰ কাৰণেই নহয় সকলোৰে কাম কাম কৰি যাম। কংগ্ৰেছক ভোট দি লাভ নাই। কাৰণে কংগ্ৰেছ কাৰ সেই কথা দলটোৱে নিজেই নাজানে। কংগ্ৰেছত বিজেপিৰ মানুহ আছে। কংগ্ৰেছক ভোট দিয়া আৰু বিজেপিক ভোট দিয়া একেই কথা।
লগতে পঢ়ক: নগাঁৱত জিকিলে ২০৩১ত ১২৬ টা সমষ্টিতে বিজেপি মিত্ৰজোঁট জিকিব: মুখ্যমন্ত্ৰী
