ডিমা হাচাওৰ জাটিংগা দলঙৰ কাষত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । হাৰাংগাজাও আৰু কাষৰীয়া ৰাইজক সতৰ্ক হৈ থকাৰ নিৰ্দেশ ।
-ডিমা হাচাওৰ জাটিংগা দলঙৰ কাষত ভয়ংকৰ ঘটনা
-জাতিংগা নদীত পৰিছে বিষাক্ত ফৰ্মেলিন !
-দুৰ্ঘটনাত পতিত টেংকাৰৰ ফৰ্মেলিন পৰে জাতিংগা নদীত
-হাৰাংগাজাও আৰু কাষৰীয়া ৰাইজক সতৰ্ক হৈ থকাৰ নিৰ্দেশ
-দুদিনৰ বাবে জাটিংগা নদীৰ পানী ব্যবহাৰ নকৰিবলৈ জনাইছে প্ৰশাসনে
১. খোৱা, ৰন্ধা-বঢ়া, গা ধোৱা, কাপোৰ ধোৱা বা ঘৰুৱা কোনো কামতে জাতিংগা নদীৰ পানী ব্যৱহাৰ নকৰিব

২. পোহনীয়া জীৱ-জন্তু গৰু-মহ, ছাগলীক নদীৰ পানী খাবলৈ নিদিব
৩. নদীৰ পৰা ধৰা মাছ বা আন কোনো জলচৰ প্ৰাণী নাখাব
৪. প্ৰভাৱিত অঞ্চলত সাঁতোৰা, মাছ ধৰা বা নদীত নমাৰ পৰা বিৰত থাকক
৫. খেতিয়কসকলক পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত নদীৰ পানী ব্যৱহাৰ নকৰাৰ নিৰ্দেশ
৬. নদীৰ পানীৰ সংস্পৰ্শলৈ অহাৰ পিছত যদি চকু পোৰা, ছালৰ খজুৱতি,
উশাহ লোৱাত কষ্ট, বমি ভাৱ বা মূৰ ঘূৰোৱা আদি লক্ষণ দেখা দিয়ে চিকিৎসা কৰাওক
জৰুৰীকালীনভাৱে প্ৰশাসনে মুকলি কৰিছে ৭টাকৈ ফোন নম্বৰ
০৩৬৭৩-২৩৬৩২৪
০৩৬৭৩-৩৫৬০২২
টোল ফ্ৰী নম্বৰ ০৩৬৭৩-১০৭৭
৯৪৩৫৫-৩০৪১২
৭০০২২-৯৫৯৪১
৮৪৮৬০-৪৯৩৪৯
৭০০২৭-৩১৪৫৯
লগতে পঢ়ক : ধেমাজিত অবৰ্ণনীয় পৰিস্থিতি; বানাক্ৰান্তক কেন্দ্ৰীয় চৰকাৰৰ সাহায্যৰ আশ্বাস
