অসম চৰকাৰৰ বন বিভাগে সমগ্ৰ ৰাজ্যজুৰি এক ঐতিহাসিক মেগা বৃক্ষৰোপণ অভিযান ৰোপণৰ ব্যাপক প্ৰস্তুতি চলাইছে
স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ বন বিভাগে সমগ্ৰ ৰাজ্যজুৰি এক ঐতিহাসিক মেগা বৃক্ষৰোপণ অভিযান ৰোপণৰ ব্যাপক প্ৰস্তুতি চলাইছে । অহা ১৪ আগষ্টৰ ভিতৰত ৰাজ্যৰ চুকে-কোণে ১ কোটি পুলি ৰোপণৰ এক বিশাল লক্ষ্য নিৰ্ধাৰণ কৰিছে বিভাগটোৱে ।
বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ পবিতৰা আয়োজিত ‘বন মহোৎসৱ’ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে ৰাজ্যৰ বন আৰু বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
১০ লাখ শিক্ষাৰ্থী হ’ব অংশীদাৰ
এই বৃহৎ সেউজ অভিযানত যুৱ প্ৰজন্মক সক্ৰিয়ভাৱে জড়িত কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে । মন্ত্ৰী মল্লবৰুৱাই সদৰী কৰা মতে, নৱম আৰু তাৰ ওপৰৰ শ্ৰেণীৰ প্ৰায় ১০ লাখ শিক্ষাৰ্থীক এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হ’ব । তেওঁ কয়-
“আমি আমাৰ শিক্ষাৰ্থীসকলক এই মেগা বৃক্ষৰোপণ অভিযানত জড়িত কৰিব বিচাৰো । পঞ্জীয়নৰ সময়ত শিক্ষাৰ্থীসকলে VB-G RAM-G আঁচনিৰ অধীনত এজন জব কাৰ্ড (Job Card) ধাৰকৰ নাম প্ৰদান কৰিব লাগিব ।”
অহা বছৰৰ পৰা সলনি হ’ব সময়সূচী, গুৰুত্ব লাভ কৰিব থলুৱা ফলে
চলিত বৰ্ষৰ অভিজ্ঞতাৰ ভিত্তিত পৰৱৰ্তী বৰ্ষৰ বাবেও এক বিশেষ পৰিকল্পনা হাতত লৈছে বন বিভাগে । মন্ত্ৰীগৰাকীয়ে জনায় যে অহা বছৰৰ পৰা এই বাৰ্ষিক অভিযান আগষ্টৰ পৰিৱৰ্তে এপ্ৰিল মাহত আৰম্ভ কৰা হ’ব । লগতে অহা বছৰ থলুৱা ফল-মূলৰ ১ কোটি পুলি ৰোপণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব ।
চৰ-চাপৰিত ড্ৰোণ/আকাশমাৰ্গৰ পৰা সিঁচা হ’ব বীজ
পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে এইবাৰ আধুনিক প্ৰযুক্তিৰ সহায় ল’ব । নদীদ্বীপ আৰু চৰ-চাপৰি অঞ্চলসমূহত বনাঞ্চল বৃদ্ধিৰ বাবে পৰীক্ষামূলকভাৱে আকাশমাৰ্গৰ পৰা বীজ সিঁচাৰ পাইলট প্ৰকল্প হাতত লোৱা হৈছে । এই প্ৰকল্প সফল হ’লে পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্যান্য প্ৰান্তলৈও ইয়াক সম্প্ৰসাৰণ কৰা হ’ব ।
জনসাধাৰণৰ অনুকূল হ’ব আগন্তুক বাজেট
পৰিৱেশৰ উপৰিও বিত্ত দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসম বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ ইংগিত দিয়ে । বিত্ত মন্ত্ৰী হিচাপে এয়া তেওঁৰ প্ৰথমখন ৰাজ্যিক বাজেট হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে আগন্তুক বিত্তীয় ৰেখাচিত্ৰখন সম্পূৰ্ণৰূপে “জনসাধাৰণৰ অনুকূল” হ’ব ।
বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব উচ্ছেদ
ৰাজ্যৰ শেহতীয়া জনসংখ্যাৰ পৰিৱৰ্তন আৰু প্ৰশাসনিক পদক্ষেপ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ কঠোৰ স্থিতি স্পষ্ট কৰে । তেওঁ কয়-
“আমাৰ চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিব আৰু আমাৰ চৰকাৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষা দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।”
অবৈধ বেদখল আৰু জনসংখ্যাৰ দ্ৰুত পৰিৱৰ্তন, বিশেষকৈ “মিঞা মুছলমান সম্পৰ্কীয়” বিষয়সমূহ বৰ্তমান প্ৰশাসনৰ বাবে এক ডাঙৰ উদ্বেগৰ বিষয় বুলিও তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক : দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
